ETV Bharat / state

ঘৰৰ অতিৰিক্ত বিচনা কোৱাৰেন্টাইন কেন্দ্ৰত দান কৰিবলৈ আহ্বান দৰঙৰ উপায়ুক্তৰ

author img

By

Published : May 20, 2020, 6:29 PM IST

দৰঙৰ সাংবাদিকক মাস্ক, চেনিটাইজাৰ প্ৰদান উপায়ুক্তৰ । ঘৰৰ অতিৰিক্ত বিচনা কোৱাৰেন্টাইন কেন্দ্ৰত দান দিবলৈ আহ্বান দৰং জিলাৰ নৱনিযুক্ত উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ । বুধবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সাংবাদিক সকলৰ সৈতে হোৱা বাৰ্তালাপত COVID-19 সংক্ৰমণৰ এই জটিল সন্ধিক্ষণতো স্বাস্থ্য ক্ষেত্ৰৰ কাম কাজৰ সমান্তৰালকৈ অৰ্থনীতি স্থবিৰ কৰিবলৈ বিভিন্ন আঁচনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা বুলি জানিবলৈ দিয়ে ।

দৰং
ঘৰৰ অতিৰিক্ত বিচনা কোৱাৰেন্টাইন কেন্দ্ৰত দান কৰিবলৈ আহ্বান দৰঙৰ উপায়ুক্তৰ

মঙলদৈ, ২০ মে': দৰং জিলাৰ নৱনিযুক্ত উপায়ুক্ত দিলীপ কুমাৰ বৰাই COVID-19 সংক্ৰমণৰ এই জটিল সন্ধিক্ষণতো স্বাস্থ্য ক্ষেত্ৰৰ কাম কাজৰ সমান্তৰালকৈ গতিশীল কৰিবলৈ চেষ্টা চলাইছে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম- কাজ । অৰ্থনীতি স্থবিৰ হৈ নপৰিবলৈ তেওঁ এম্ জি এনৰেগা, বান নিয়ন্ত্ৰণ আদি বিভিন্ন আঁচনিৰ সুচল ৰূপায়নৰ জৰিয়তে শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী আদি লোকসকলৰ হাতলৈ ধন অহাৰ প্ৰক্ৰিয়া কোনো কাৰণতে যাতে স্তব্ধ নহয় সেই ক্ষেত্ৰত এক সুস্থ পৰিৱেশ সৃষ্টিত গুৰুত্ব প্ৰদান কৰিছে।

বুধবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সাংবাদিক সকলৰ সৈতে হোৱা বাৰ্তালাপত উপায়ুক্তগৰাকীয়ে সদৰী কৰে এই কথা । ৰাজ্যৰ বাণিজ্যিক কেন্দ্ৰ বিন্দু গুৱাহাটীৰ ফাঁচী বজাৰক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰাৰ ফলত জিলা প্ৰশাসনে বিভিন্ন সা-সামগ্ৰী সংগ্ৰহৰ ক্ষেত্ৰত কিছু পৰিমাণে অভাৱ উপলব্ধি কৰিছে বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে কয় যে, কোনো সহৃদয়বানলোক প্ৰশাসনক স্বেচ্ছাই আচবাব- পাতি দান দিলে তেওঁলোকে গ্ৰহণ কৰিবলৈ সাজু আছে । দৈনিক শ শ লোক বহিঃৰাজ্যৰ পৰা গৃহাভিমুখী হোৱাৰ বাবে কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত লাহে লাহে বিশেষকৈ বিচনা-পাতিৰ অভাৱ হ'ব বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে জিলাখনৰ লোকসকলক যদিহে কাৰোবাৰ অতিৰিক্ত বিচনা, খাট আছে স্বেচ্ছাই প্ৰশাসনক ব্যৱহাৰ কৰিবলৈ দি জনসাধাৰণৰ উপকাৰ কৰিবলৈ আহ্বান জনায় ।

লগতে সাংবাদিকসকলক জিলাখনৰ বিভিন্ন বিভাগৰ চৰকাৰী কাম-কাজৰ খুটি-নাটি দেখিলে তেওঁক অনতিপলমে অৱগত কৰিবলৈ আহ্বান জনাই কয় যে, কৰ'ণা যুঁজৰ ৰণুৱা হিচাপে সাংবাদিকসকলে দিন-ৰাতি ২৪ ঘণ্টাই কাম কৰাৰ সময়তো তেওঁলোকে নিজক সুৰক্ষিত কৰি কামত অগ্ৰসৰ হ'ব লাগিব । এই সংবাদমেলতে উপায়ুক্তগৰাকীয়ে সাংবাদিকসকলক "মই গৰ্বিত কৰণা যুঁজাৰুৰূপে" বুলি লিপিবদ্ধ একোটাকৈ বেজ লগাই দিয়াৰ উপৰি মাস্ক আৰু চেনিটাইজাৰ প্ৰদান কৰি কৰণাৰ যুঁজত সফলভাৱে অগ্ৰসৰ হ'বলৈ উৎসাহিত কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.