দৰঙ15মেঃ দৰঙত প্ৰধান মন্ত্ৰী কৃষান সন্মান নিধি আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। ৰাজ্যৰ কৃষি মন্ত্ৰীয়ে সকীয়নী প্ৰদান কৰাৰ সময়তে দৰঙৰ ছিপাঝাৰ ত আঁচনিৰ নামত ব্যাপক খেলিমেলি। ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ স্বামী চৰকাৰী চাকৰি হোৱাৰ পিছতো শাসকীয় দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্য। আঁচনিত তেওঁৰ আত্মীয়ৰ পত্নী স্বামীয়ে লাভ কৰিলে আঁচনিৰ ধন।

ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰামগাঁও নিবাসী তথা শিক্ষক গজেন্দ্ৰ কলিতাৰ পত্নী নিলিমা কলিতা ছিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বুঢ়ীনগৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা। পঞ্চায়ত প্ৰতিনিধি নিলিমা কলিতাৰ স্বামী চৰকাৰী চাকৰিয়াল হোৱাৰ লগতে প্ৰকৃততে কৃষক নহয় যদিও ৷
তেওঁৰ নামত প্ৰধানমন্ত্ৰী কিষাণ সন্মান আচনি ধন সোমোৱাৰ লগতে তেওঁৰ ব‘ৰজনা অৰ্থাৎ গিৰিয়েকৰ ককায়েক যোগেন্দ্ৰ কলিতা, তেওঁৰ পত্নী কিৰণ কলিতা, দুই পুত্ৰ দিগন্ত কলিতা আৰু ৰাতুল কলিতা, আন এগৰাকী বৰজনা নীলকান্ত কলিতা, তেওঁৰ পত্নী ভানুমতী কলিতা, পুত্ৰদ্বয় জয়ন্ত কলিতা, কমলজ্যোতি কলিতা, কমলজ্যোতিৰ পত্নী দীপান্বীতা দাস কলিতাকে ধৰি একেটা পৰিয়ালৰ মুঠ ১০ গৰাকী সদস্যৰ নাম তালিকাভুক্ত হৈছে। আনহাতে গাওঁখনৰ যথেষ্ট সংখ্যক প্ৰকৃত কৃষকৰ নাম তালিকাত নথকাত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।
লগতে পঢ়কঃ শ্ৰী শ্ৰী হয়গ্ৰীব মাধৱ মন্দিৰৰ বিষ্ণু পুষ্কৰ পুখুৰীত মাছৰ মৃত্যু