ETV Bharat / state

দলগাঁৱত ধোঁৱাচাঙত পৰিণত জলসিঞ্চন আঁচনি - পৰিত্যক্ত দলগাঁও জলসিঞ্চন প্ৰকল্প

কোটি কোটি টকা ব্যয়ৰে দলগাঁও সমষ্টিৰ টাংনি নৈত স্থাপন কৰা জলসিঞ্চন আঁচনি (Irrigation Scheme Of Dalgaon) আজিকোপতি কাৰ্যক্ষম হৈ নুঠিল ৷ গাঁৱখনৰ মাজেৰে বৈ যোৱা টাংনি নদীত স্থাপন কৰা দলগাঁও জলসিঞ্চন প্ৰকল্প(dalgaon irrigation project) সম্প্ৰতি ৰূপান্তৰিত হৈছে ধোঁৱাচাঙলৈ ৷

dalgaon-irrigation-project-yet-to-complete
দলগাঁৱত ধোঁৱাচাঙত পৰিণত জলসিঞ্চন আচঁনি
author img

By

Published : Dec 4, 2021, 12:05 PM IST

Updated : Dec 4, 2021, 1:51 PM IST

দলগাঁও, 4 ডিচেম্বৰ : আজিকোপতি সম্পূৰ্ণ নহ'ল দলগাঁও সমষ্টিৰ টাংনি নদীত স্থাপন কৰা এখন কোটি টকীয়া আঁচনি ৷ অসম চৰকাৰৰ জলসিঞ্চন বিভাগে (Irrigation Department at Dalgaon) ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি দলগাঁও সমষ্টিৰ কৃষকৰ সুবিধাৰ্থে জলসিঞ্চন আঁচনিৰ কাম আৰম্ভ কৰিছিল ৷ কিন্তু আজিকোপতি নিৰ্মাণ অসম্পূৰ্ণ হৈয়ে ৰ’ল আঁচনিখনৰ ৷

কেৱল এয়াই নহয়, বিয়াগোম বিভাগটোৰ ব্যয়বহুল বহু আঁচনি কেৱল সীমাবদ্ধ হৈ থাকিল বিভাগীয় ফাইল আৰু ফলকত । কৃষক ৰাইজৰ স্বাৰ্থত মুকলি কৰা কোটিটকীয়া কোনো এখন আঁচনিয়ে আজিলৈকে সমষ্টিটোত কাৰ্যকৰী কৰা নহ'ল ৷ এনে এক ব্যয়বহুল আঁচনি হৈছে টাংনি বোঁৱতী নদী জলসিঞ্চন আঁচনি । উক্ত আঁচনিখনৰ পৰা বিগত প্ৰায় 11 টা বছৰে কৃষকসকলে লাভ নকৰিলে এটোপালো পানী ৷ পানীৰ পৰিৱৰ্তে কৃষকসকলক দিয়া হ’ল ৰামঠগন ৷

দলগাঁৱত ধোঁৱাচাঙত পৰিণত জলসিঞ্চন আচঁনি

উল্লেখযোগ্য যে, অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মঙলদৈ সংমণ্ডলৰ অধীনষ্ঠ দলগাঁও সমষ্টিটো এক গুৰুত্বপূৰ্ণ কৃষি প্ৰধান অঞ্চল ৷ সমষ্টিটোৰ ২নং কুঁৱৰী গাঁৱত স্থাপন কৰা হৈছিল এই আঁচনিখন ।

বৰ্তমান বগাহাতীত পৰিণত হৈছে আঁচনিখন । বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজৰ পথাৰে পথাৰে পানী যোগান ধৰাৰ বাবে তদানীন্তন কংগ্রেছ চৰকাৰৰ জলসিঞ্চন বিভাগৰ মন্ত্রী নুৰজামাল সৰকাৰ আৰু স্থানীয় বিধায়ক ইলিয়াছ আলীয়ে ২০১০ চনত ব্যয়বহুল প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল ৷ সেই সময়ৰ চৰকাৰে প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ কৃষকসকলক খেতিপথাৰৰ বাবে বিনামূলীয়া পানী যোগানৰ আশ্বাস প্ৰদান কৰিছিল, যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হয় ।

সম্প্ৰতি পৰিত্যক্ত আঁচনিখনৰ যন্ত্ৰ-পাতিসমূহ মামৰে ধৰাত বিনষ্ট হ’বলৈ ধৰিছে ৷ যাৰ বাবে প্ৰাপ্য সেৱাৰ পৰা বঞ্চিত হৈছে অঞ্চলটোৰ হাজাৰ হাজাৰ কৃষক । একপ্ৰকাৰ ধোঁৱাচাঙত পৰিণত হোৱা উক্ত প্ৰকল্পটো কৃষকসকলৰ স্বাৰ্থত কাৰ্যক্ষম কৰিবলৈ ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক : Royal bengal tiger death : দৰঙত মৃত বাঘৰ অৱশিষ্ট উদ্ধাৰ

Last Updated : Dec 4, 2021, 1:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.