ETV Bharat / state

মঙলদৈত এগৰাকীৰ দেহত কৰ’ণা ভাইৰাছ

author img

By

Published : Jun 8, 2020, 4:56 PM IST

দৰং জিলাৰ মঙলদৈৰ নিজ ডাঁহী বণিয়াপাৰাৰ এগৰাকী যুৱকৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ইয়াক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হাহাকাৰ পৰিস্থিতি ৷

Covid 19 positive found at darrang assam etv bharat news
কৰ’ণা ভাইৰাছ

দৰং,8 জুন: দৰঙত এগৰাকী ব্যক্তিৰ দেহত পোৱা গৈছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ মঙলদৈৰ নিজ ডাঁহীৰ এগৰাকী যুৱকৰ দেহত ভাইৰাছবিধৰ উপস্থিতিক কেন্দ্ৰ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পশ্চিম মঙলদৈত ৷ উল্লেখ্য যে,বিগত কিছুদিন পূৰ্বে শ্বিলঙৰ পৰা নিজ ডাঁহীলৈ অহা যুৱকজনক ২ জুনত ডাঁহী আদৰ্শ চিকিৎসালয়ত কৰা হৈছিল কোৱাৰেণ্টাইন ৷ কিন্তু ব্যক্তিগৰাকী চিকিৎসালয়লৈ যোৱাৰ পূৰ্বে কেইবাজনো ব্যক্তিৰ সংস্পৰ্শলৈ আহে ৷ প্ৰকৃততে চিকিৎসালয়খনৰ এগৰাকী কৰ্মচাৰী আক্ৰান্ত ব্যক্তিগৰাকীৰ ঘনিষ্ঠ হোৱা হেতুকে অধিক সংক্ৰমণৰ আশংকা ব্যক্ত কৰা হৈছে ।

কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা

ইপিনে,চিকিৎসালয়খনৰ কৰ্মচাৰীগৰাকীৰ পত্নী বিজেপি দলৰ ডাঁহী গাওঁ পঞ্চায়তৰ সদস্যা হোৱা হেতুকে 4 জুনত বৰসত্ৰ আদৰ্শ গাঁৱত আঠটাকৈ আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত ভাগ লৈছিল ৷ সেইসূত্ৰে মহিলাগৰাকী মঙলদৈৰ বিধায়ক তথা সাংসদৰ সংস্পৰ্শলৈ আহে ৷ দেওবাৰে নিশা আক্ৰান্ত ব্যক্তি গৰাকীৰ খবৰ বিয়পি পৰা মাত্ৰকে অঞ্চলটোত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ মহিলাগৰাকীৰ স্বামীয়ে ইয়াৰ পিছতো বিনাদ্বিধাই ফুৰাচকা কৰাৰ প্ৰতি লক্ষ্য ৰাখি Covid-19 ৰ গণ সংক্ৰমণৰ আশংকা কৰা হৈছে ৷

লগতে চাওকঃ প্ৰৱেশদ্বাৰ মুকলি দৌল গোবিন্দ মন্দিৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.