মঙলদৈ, 3 জুলাই : অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ (Social Welfare department)ৰ অধীনৰ সংহত শিশু উন্নয়ন সেৱা আচঁনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ গৰ্ভৱতী মহিলা আৰু কণ কণ শিশু সকলৰ খাদ্যৰ নামত যোগান ধৰা হৈছে পচা চাউল ৷ এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে মঙলদৈৰ চপাই শালৈপাৰা অংগনবাড়ী কেন্দ্ৰত ৷
যিসময়ত বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰি আহিছে সেই সময়ত চৰকাৰৰ একাংশ বিভাগত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ পশ্চিম মঙলদৈ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধিনত থকা চপাই শালৈপাৰা অংগনাবাড়ী কেন্দ্ৰত জুন মাহৰ খাদ্যৰ নামত যোগান ধৰা হৈছে জনস্বাস্থ্যৰ প্ৰতি হানিকাৰক পচা চাউল ৷ একাংশ লোকে সদৰি কৰা মতে জুন মাহৰ ১৯ তাৰিখে অংগনাবাড়ী কেন্দ্ৰলৈ পঠিওৱা চাউলৰ লগতে অন্যান্য খাদ্য সামগ্ৰী কোনো কাৰণতে শিশু বা গৰ্ভৱতী মহিলাই খোৱাৰ উপযোগী নহয় ৷
এই সন্দৰ্ভত অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে বিভাগীয় কাৰ্যালয়ৰ লগত বহুবাৰ যোগাযোগ স্থাপন কৰিছিল ৷ কিন্তু 14 দিন পাৰ হৈ গ'ল আজিকোপতি কোনো গুৰুত্ব প্ৰদান নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷
লক্ষণীয়ভাৱে উক্ত অংগনাবাড়ী কেন্দ্ৰত সাংবাদিক উপস্থিত হৈ বাতৰি সংগ্ৰহ কৰাৰ পাচতে চপাই গাওঁ পঞ্চায়তৰ বিজেপি দলৰ সভাপতি মুকুট নাথে অন্য চাউল দি পচা চাউল উভতাই নিব বিচাৰিছিল ৷ কিন্তু সাংবাদিক আৰু স্থানীয়লোক উপস্থিত থকাৰ বাবে পচা চাউল উভতাই নিব নোৱাৰিলে ৷
বিভাগীয় কৰ্তৃপক্ষই সদৰি কৰা মতে চপাই গাওঁ পঞ্চায়তৰ বিজেপি দলৰ সভাপতি মুকুট নাথে জিলাখনৰ অংগনাবাড়ী কেন্দ্ৰ সমুহত খাদ্য সামগ্ৰী যোগানৰ উপ-ঠিকা লাভ কৰিছিল ৷ অতি আশ্বৰ্যজনক কথাটো হ'ল মুনাফা লাভৰ আশাত পুস্তিকৰ খাদ্য যোগান ধৰাৰ নামত মুকুট নাথে শিশু আৰু গৰ্ভৱতী মহিলা সকলক পচা চাউল যোগান ধৰি আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷
যি সময়ত হিমন্ত বিশ্বৰ শৰ্মাৰ চৰকাৰে ৰাজ্যৰ কণ কণ শিশু আৰু গৰ্ভৱতী মহিলা সকলৰ পুষ্টিকৰ খাদ্য যোগানৰ নামত কোটি কোটি টকা খৰচ কৰি আহিছে তেনে সময়তে এনে পচা চাউলেৰে পুষ্টিকৰ খাদ্য যোগান ধৰাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত বিভিন্ন ধৰণে প্ৰশ্ন উত্থাপন হৈছে ৷
লগতে পঢ়ক: ৰাজ্যত অব্যাহত আছে মহামাৰী কৰ'ণাৰ সংক্ৰমণ