ETV Bharat / state

ধূলা পঞ্চায়তত সাহাৰ্য বিতৰণৰ নামত ব্যাপক খেলিমেলিৰ অভিযোগ - লক্​ ডাউন

দৰঙৰ পূব মংগলদৈ উন্নয়ন খণ্ডৰ অধীনষ্ঠ ধূলা পঞ্চায়তত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে ৷ দাবী কৰা ধন দিব নোৱাৰাৰ বাবে প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰা নাই লক্​ ডাউনৰ সময়ত অহা চাউলৰ লগতে চৰকাৰী সাহায্য । কেলেংকাৰীত পঞ্চায়ত প্ৰতিনিধি জৰিতৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

ধূলা পঞ্চায়তত ব্যাপক খেলিমেলি
ধূলা পঞ্চায়তত ব্যাপক খেলিমেলি
author img

By

Published : May 3, 2020, 8:19 PM IST

দৰং,3 মে’ঃ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি লক্​ ডাউনৰ বাবে অহা চৰকাৰী সাহায্য আন লোকক প্ৰদান পঞ্চায়ত প্ৰতিনিধিৰ ৷ ধূলা পঞ্চায়তত সংঘটিত হৈছে এই কেলেংকাৰীৰ ঘটনা ৷ পঞ্চায়তখনৰ প্ৰতিনিধিয়ে একাংশ ধনী পৰিয়ালক চৰকাৰী আঁচনিৰ অধীনত সাহায্য প্ৰদানৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । লক্​ ডাউন উলংঘা কৰি দেওবাৰে পঞ্চায়ত প্ৰতিনিধি নীলিমা বেগমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহে দৰঙৰ ননকে গৰাপৰিবাসী ৷

ধূলা পঞ্চায়তত ব্যাপক খেলিমেলি

মূলতঃ প্ৰতিনিধি গৰাকীয়ে দাবী কৰা উৎকোচ দিব নোৱাৰাৰ বাবে গাঁৱখনৰ কেইবাটাও পৰিয়ালে লাভ কৰা নাই চৰকাৰী সাহায্য ৷ ইতিমধ্যে ক্ষোভিত ৰাইজে পঞ্চায়তৰ সদস্যা নীলিমা বেগমৰ বিৰুদ্ধে জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছে ৷

লগতে চাওকঃ পুষ্প বৃষ্টিৰে কৰ'ণা যোদ্ধালৈ কৃতজ্ঞতা ভাৰতীয় বায়ু সেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.