ETV Bharat / state

দৰং জিলাৰ বিভিন্ন বিদ্যালয়ত হাতৰ কামত গাফিলতি

author img

By

Published : Dec 31, 2019, 8:51 PM IST

ছাত্ৰ-ছাত্ৰী সকলে হাতৰ কামৰ নামত বিভিন্ন সামগ্ৰী জমা দিয়াৰ প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি বিদ্যালয়ত সমূহত চলি আহিছে ৷ হাতৰ কামৰ নামত ছাত্ৰ ছাত্ৰী সকলে নিজ হাতে তৈয়াৰী সামগ্ৰী জমা দিয়াটো আদৰনীয় যদিও ইয়াৰ এক বিপৰীত ছবিহে দেখা গৈছে দৰং জিলাৰ বিভিন্ন বিদ্যালয়ত ৷

correption art and craft homework at darrang
দৰং জিলাৰ বিভিন্ন বিদ্যালয়ত হাতৰ কামত গাফিলতি

দলগাঁও, ৩১ডিচেম্বৰ : বছৰেকীয়া পৰীক্ষাৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত হাতৰ কামৰ নামত বিভিন্ন সামগ্ৰী জমা দিয়াৰ প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি চলি আহিছে । দৰং জিলাৰ দলগাঁও সমষ্টিৰ বহুসংখ্যক চৰকাৰী বিদ্যালয়ত হাতৰ কামৰ নামত শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰয়োজনীয় বিভিন্ন ধৰণৰ সামগ্ৰী বাধ্যতামূলক কৰে ৷ ছাত্ৰ-ছাত্ৰী সকলে নিজহাতে তৈয়াৰ কৰা সামগ্ৰীৰ পৰিবৰ্তে পাছি, চালনি, ফুলঝাড়ু, বিচনী, গাৰুৰ কভাৰ, টেবুল ক্লথ, ফাইল কভাৰ, ডাষ্টাৰ, আদি সা-সামগ্ৰী বজাৰৰ পৰা ক্ৰয় কৰি আনি বিদ্যালয়সমূহত জমা দিয়ে । শুনক এইসকল ছাত্ৰ-ছাত্ৰীৰ মুখেৰে ৷

দৰং জিলাৰ বিভিন্ন বিদ্যালয়ত হাতৰ কামত গাফিলতি

এই ঘটনাই ছাত্ৰ-ছাত্ৰী সকলৰ সৃজনশীল প্ৰতিভা বিকাশত বাধাৰ সৃষ্টি কৰিছে নেকি? এনেধৰণৰ কাৰ্যৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰিক জ্ঞান আৰু প্ৰতিভা বিকাশত বাধাহে আহিব বুলি আশংকা কৰা হৈছে ।

আৰু পঢ়ক : দৰঙত জৰুৰীভাৱে অৱতৰণ ভাৰতীয় সেনাৰ হেলিকপ্টাৰ

Intro:Slug = School_Work_Experience_
Byte = Students

## শিক্ষাৰ অধিকাৰ আইনক ভেঙুচালি। ## হাতৰ কামৰ নামত বিদ্যালয়ে বিদ্যালয়ে চলিছে ৰমৰমীয়া বেহা ।
## দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা হৈছে ক্ৰয় কৰা সামগ্ৰী ।
## স্বজনশীল প্ৰতিভা বিকাশত বাধা ।
===

Body:
দলগাও / ৩১ ডিচেম্বৰ

বছৰেকীয়া পৰীক্ষাৰ অন্তত ছাত্ৰ ছাত্ৰী সকলে হাতৰ কামৰ নামত
বিভিন্ন সামগ্ৰী জমা দিয়াৰ প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি বিদ্যালয়ত সমূহত চলি আহিছে । সাধাৰণতে ছাত্ৰ ছাত্ৰী সকলে সৃজনশীল প্ৰতিভা বিকাশৰ বাবে নিজে তৈয়াৰ কৰা সামগ্ৰীহে জমা দিব লাগে বিদ্যালয়ত । হাতৰ কামৰ নামত ছাত্ৰ ছাত্ৰী সকলে নিজ হাতে তৈয়াৰী সামগ্ৰী জমা দিয়াটো আদৰনীয় যদিও ইয়াৰ এক বিপৰীত ছবিহে দেখা গৈছে দৰং জিলাৰ বিভিন্ন বিদ্যালয়ত । দৰং জিলাৰ দলগাঁও সমষ্টিৰ বহু ব্যতিগত খন্ডৰ বিদ্যালয়ৰ লগতে সৰহ সংখ্যক চৰকাৰী বিদ্যালয়ত হাতৰ কামৰ নামত শিক্ষক শিক্ষয়িত্ৰী সকলে ছাত্ৰ-ছাত্ৰীৰ পৰা বাধ্যতামূলক ভাৱে তেওঁলোকৰ প্ৰয়োজনীয় বিভিন্ন ধৰণৰ সামগ্ৰী আদায় কৰাৰ পৰম্পৰা দীৰ্ঘদিনীয়া । ছাত্ৰ ছাত্ৰী সকলে নিজহাতে তৈয়াৰ কৰা সামগ্ৰীৰ পৰিবৰ্তে পাচি , চালনি, ফুলঝাড়ু , বিচনী , গাৰুৰ কভাৰ, টেবুল ক্লথ, এনভেলপ, ফাইল কভাৰ, ডাষ্টাৰ ,আদি সা-সামগ্ৰী বজাৰৰ পৰা ক্ৰয় কৰি আনি বিদ্যালয়ত জমা দিবলৈ বাধ্য কৰোৱা হয় । হাতৰ কামৰ নামত দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলে গাঁঠিৰ ধন খৰচ কৰি বজাৰৰ পৰা ক্ৰয় কৰা সা-সামগ্ৰী জমা দিয়াৰ পৰম্পৰা দীৰ্ঘদিন ধৰি চলি থকাৰ পিছতো আজিকোপতি শিক্ষা বিভাগে এই ব্যবসায় বন্ধ কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই তাক লৈ উত্থাপিত হৈছে প্ৰশ্ন । এই ঘটনাই ছাত্ৰ ছাত্ৰী সকলৰ সৃজনশীল প্ৰতিভা বিকাশত বাধাৰ সৃষ্টি কৰাৰ লগতে শিক্ষাৰ অধিকাৰ আইন উলংঘা কৰি সৰ্বশিক্ষা মিচনৰ বিনামূলীয়া শিক্ষাৰ শ্লগানক প্ৰহসনত পৰিণত কৰাৰ অভিযোগ উঠিছে ।

Conclusion:

বিদ্যালয়ে বিদ্যালয়ে হাতৰ কামৰ নামত পৰম্পৰাত পৰিনত হোৱা এই ৰমৰমীয়া ব্যবসায় বন্ধ কৰি ছাত্ৰ ছাত্ৰীৰ স্বজনশীল প্ৰতিভা বিকাশৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষনীয় ।
======
আব্দুল হাকিম
দলগাও ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.