দৰং,৪জুলাই: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে এতিয়া দৰং জিলাতো অব্যাহত আছে মহামাৰী ক'ৰণাৰ ভয়াবহ সংক্ৰমণ । দৈনিক বৃদ্ধি পাইছে ক'ভিড-১৯ পজিটিভ আক্ৰান্তৰ সংখ্যা । শনিবাৰে পুনৰ আন এগৰাকী স্বাস্থ্য কৰ্মীৰ দেহত চিনক্ত হ'ল ক'ভিড-১৯ পজিটিভৰ অৱস্থিতি । আক্ৰান্ত হোৱা স্বাস্থ্যকৰ্মী গৰাকী জলজলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড আঁচনি বিষয়া ভদ্ৰেশ্বৰ নাথ ।
দৰঙ জিলাৰ স্বাস্থ্য বিভাগৰ এগৰাকী চিকিৎসককে ধৰি এএনএমৰ এগৰাকী ৱাৰ্ড গাৰ্লৰ শৰীৰত ক'ভিড-১৯ পজিটিভ পোৱাৰ পাছত এইবাৰ এই ভাইৰাছৰ অৱস্থিতি পোৱা গ'ল স্বাস্থ্য বিভাগৰ আন এগৰাকী খণ্ড আঁচনি বিষয়া (BPM)ৰ শৰীৰত । কোনো ভ্ৰমণ বৃত্তান্ত নোহোৱাকৈ জলজলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড আঁচনি বিষয়া ভদ্ৰেশ্বৰ নাথৰ দেহত পোৱা গৈছে ক'ভিড ১৯ৰ অৱস্থিতি ।
উল্লেখ্য যে, কোনো ভ্ৰমণ বৃত্তান্ত নোহোৱা এই গৰাকী খণ্ড বিষয়াই কাৰ্যালয়ত উপস্থিত থাকি নিয়মিত কৰ্তব্য সম্পাদনা কৰি আহিছিল । জিলাখনৰ স্বাস্থ্য বিভাগটোতে এনেদৰে ইজনৰ পাছত সিজনকৈ স্বাস্থ্যকৰ্মী ক'ৰণাৰ আক্ৰান্ত হোৱাৰ পাছত এতিয়া অধিক সন্ত্ৰস্ত হৈছে জিলাখনৰ আনসকল স্বাস্থ্য কৰ্মী ।