দৰং, 18 ফেব্ৰুৱাৰীঃ দৰঙত কংগ্ৰেছৰ অস্তিস্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা ৷ নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ, ছয় জনগোষ্ঠীক জনজাতিকৰণ, চাহ-শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ লগতে বিভিন্ন দাবী লৈ কংগ্ৰেছৰ এই যাত্ৰা ৷ দৰং জিলা কংগ্ৰেছৰ উদ্যোগত পশ্চিম মঙলদৈ খেলপথাৰত অনুষ্ঠিত হয় এই জনজাগৰণ সভাৰ ৷ এই সভাত অংশগ্ৰহণ কৰি ৰকিবুল হুছেইনে বিজেপিয়ে 100+ নহয় তাৰ পৰিৱৰ্তে CAA বিৰোধী শক্তিয়ে অসমত 100 খন আসন পাবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে । ইয়াৰোপৰি আমি আলফাকে ভয় নকৰিলো এতিয়া ছালফাক ভয় কৰিম নেকি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰকিবুল হুছেইনে ৷
আনহাতে বহু শতাধিক লোকে অংশগ্ৰহণ কৰা এই সভাত উপস্থিত থাকে হৰিশ ৰাৱাট, ৰিপুন বৰা, ৰকিবুল হুছেইন, প্ৰদ্যুত বৰদলৈ, দুৰ্গা দাস বড়োকে ধৰি বহু জ্যেষ্ঠ কংগ্ৰেছী নেতা কৰ্মী ৷ সভাৰ অন্তত মঙলদৈ ভেবাৰঘাটৰ পৰা মঙলদৈ চহৰৰ মাজেৰে সমদল কৰি ৰাজীৱ ভৱনত উপস্থিত হয় ।