ETV Bharat / state

বিপিএফে পাৰিলে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি দেখোৱাওকঃ ৰিপুন বৰা - যৌথ নিৰ্বাচনী প্ৰচাৰ সভা

কলাইগাঁৱৰ ৩৫ নং মুদৈবুড়ি পৰিষদীয় সমষ্টিত কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ যৌথ নিৰ্বাচনী প্ৰচাৰ সভা ৷ একেখন মঞ্চত দেখা পোৱা গ'ল বদৰুদ্দিন আজমল আৰু ৰিপুন বৰাক ।

বিপিএফে পাৰিলে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি দেখোৱাকঃ ৰিপুন বৰা

author img

By

Published : Dec 3, 2020, 4:07 PM IST

দৰং,3 ডিচেম্বৰঃ বিটিচি নিৰ্বাচনত জল-জল পট-পটকৈ স্পষ্ট হৈ পৰিল কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা । কংগ্ৰেছ দলৰ সভাপতি ৰিপুন বৰা আৰু এআইইউডিএফ দলৰ প্ৰধান বদৰুদ্দিন আজমল একে খন মঞ্চত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে । কলাইগাঁৱৰ ৩৫ নং মুদৈবুড়ি পৰিষদীয় সমষ্টিত কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ যৌথ নিৰ্বাচনী প্ৰচাৰ সভা একে খন মঞ্চত দেখা পোৱা গ'ল বদৰুদ্দিন আজমল আৰু ৰিপুন বৰাক ।

উল্লেখযোগ্য যে, কংগ্ৰেছ এআইইউডিএফ দলৰ সমৰ্থীত প্ৰাৰ্থী ৱাছিম আক্ৰমণ ছিদ্দিকিৰ হৈ প্ৰচাৰ চলাই দুয়োগৰকী নেতাই। সভাত অংশগ্ৰহণ কৰে বদৰুদ্দিন আজমল, ৰিপুন বৰা, ৰকিবুল হুছেইন, আমিনুল ইছলাম, ওপৰিও কংগ্ৰেছ এআইইউডিএফৰ নেতা কৰ্মী সকলে। আনহাতে বিজেপিয়ে বিপিএফ দলক ইমান আক্ৰমণ কৰাৰ পিছতো মিত্ৰতা ভংগ নকৰাৰ প্ৰসংগ উত্থাপন কৰি কয় যে, বিপিএফ আৰু বিজেপিৰ গোপন মিত্ৰতা আছে ৷ ইপিনে কংগ্ৰেছ দলে বিজেপিক বাদ দি আন দলৰ লগত মিত্ৰতা কৰি চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা লব বুলিও মন্তব্য কৰে ৰিপুন বৰাই ।

লগতে পঢ়কঃ বিহালীৰ বৰগাঙত কৃষক মহাসভা অসম, বিশ্বনাথ জিলা সমিতিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.