ETV Bharat / state

দৰঙৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী সোণোৱালৰ - মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী সোণোৱালে মথাউৰিৰ ওপৰতে জলসম্পদ বিভাগ আৰু জিলা উপায়ুক্তৰ সৈতে আলোচনাত মিলিত হৈ ব্যৱস্থা গ্ৰহণৰ বাবে উপায়ুক্তক নিৰ্দেশ দিয়ে ৷

মুখ্যমন্ত্ৰী সোণোৱাল
মুখ্যমন্ত্ৰী সোণোৱাল
author img

By

Published : Jul 23, 2020, 6:29 PM IST

দৰং, 23 জুলাইঃ বৃহস্পতিবাৰে দৰং জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে দলং জিলাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ তিনিমান বজাত মুখ্যমন্ত্ৰী গৰাকী মঙলদৈত উপস্থিত হৈ মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত কবিকাৰা গাঁৱৰ ভগ্ন মাথাউৰি পৰিদৰ্শন কৰে ৷ ভূটানৰ পৰা নামি অহা পানীৰ ফলত শাকতোলা নৈয়ে অঞ্চলটোত মাথাউৰিটো চিঙি নিছিল ৷

বান পৰিদৰ্শনৰ বাবে দৰঙত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

মুখ্যমন্ত্ৰী সোণোৱালে মথাউৰিৰ ওপৰতে জলসম্পদ বিভাগ আৰু জিলা উপায়ুক্তৰ পৰা মথাউৰিটোৰ অন্যান্য অংশৰ ক্ষমতা সম্পৰ্কে বুজ লয় আৰু ল’ব লগীয়া সাৱধানতাৰ বিষয়ে আলোচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

সাহায্যৰ ক্ষেত্ৰত কোনো লোক বা বিভাগে দুৰ্নীতি কৰিলে কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে ৷ ইপিনে ৰাইজে বহু কেইটা বিপদৰ মাজতো মনোবল হেৰুওৱা নাই বুলি তেওঁ প্ৰকাশ কৰি ৰাইজক ধন্যবাদ দিয়ে ৷ আনহাতে সাংবাদিক সকলে বিপদৰ সময়ত ত্যাগ আৰু কষ্টৰে সংবাদ প্ৰদান কৰি ৰাইজক সচেতন কৰাৰ লগতে কেতবোৰ বিষয় চৰকাৰক অৱগত কৰাৰ বাবে সাংবাদিক সকলকো ধন্যবাদ জ্ঞাপন কৰে ৷

ইয়াৰ পাচতে মুখ্যমন্ত্ৰী গৰাকীয়ে মঙলদৈ চহৰৰ মহৰ্ষি বিদ্যা মন্দিৰৰ বান সাহাৰ্য শিবিৰ পৰিদৰ্শন কৰে ৷ তাৰ পাচতে তেওঁ এখন পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে ৷

মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া,মঙলদৈৰ বিধায়ক গুৰুজোতি দাস আৰু জিলা উপায়ুক্ত দীলিপ কুমাৰ বৰা ৷

লগতে পঢ়কঃ অসমৰ বান সমস্যা নিৰ্মূলৰ বাবে 346 কোটি টকা অনুদানৰ ঘোষণা কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.