ETV Bharat / state

শিশু শ্ৰমিক উদ্ধাৰ অভিযানক লৈ খাৰুপেটিয়াত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Feb 10, 2021, 10:52 PM IST

খাৰুপেটীয়াত শিশু শ্ৰমিক উদ্ধাৰ অভিযান ৷ দৰং জিলা শিশু সুৰক্ষা ব’ৰ্ডে চলোৱা অভিযানক লৈ ৰাইজৰ মাজত আতংক ৷ আৰক্ষী অবিহনে চলোৱা আকস্মিক অভিযানক লৈ ৰাইজৰ মনত প্ৰশ্নৰ উদ্ৰেক ৷ ঘটনাক লৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি ৷

শিশু শ্ৰমিক উদ্ধাৰ অভিযানক লৈ খাৰুপেটিয়াত উত্তপ্ত পৰিস্থিতি
শিশু শ্ৰমিক উদ্ধাৰ অভিযানক লৈ খাৰুপেটিয়াত উত্তপ্ত পৰিস্থিতি

দলগাঁও, 10 ফেব্ৰুৱাৰী: শিশু শ্ৰমিক উদ্ধাৰৰ উদ্দেশ্যে বুধবাৰে দৰং জিলা শিশু সুৰক্ষা ব’ৰ্ডে চলোৱা অভিযানৰ পাছতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি দৰং জিলা শিশু সুৰক্ষা ব’ৰ্ডে খাৰুপেটীয়াস্থিত বিভিন্ন হোটেল আৰু দোকানত কৰ্মৰত অৱস্থাত থকা 12 গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰি গাড়ীত উঠাই লৈ যাবলৈ উলোৱাৰ পাছতে অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ঘটনাক লৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি

স্থানীয় ৰাইজে জানিবলৈ দিয়ে আৰক্ষী অবিহনে শিশু সুৰক্ষা ব’ৰ্ডে অতৰ্কিতে অভিযান চলোৱাত তেঁওলোক আতংকিত হৈ পৰে ৷ শিশু শ্ৰমিক কেইজনক অপৰাধীৰ দৰে জোৰ জবৰদস্তি কৰি গাড়ীত তোলা বুলিও ৰাইজে অভিযোগ কৰে ৷

ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি মফিদুল ইছলামে কয় যে, "শিশু শ্ৰমিকৰ বিৰুদ্ধে District Child Protection বিভাগে চলোৱা অভিযানক আমি আদৰনি জনাইছো ৷ কিন্তু, আজি খাৰুপেটীয়াত স্থানীয় আৰক্ষী অবিহনে শিশুৰ ক্ষেত্ৰত যি কাৰ্য সংঘটিত কৰিলে তাক আমি তীব্ৰ নিন্দা কৰিছো ৷"

ইফালে ৰাইজৰ এই অভিযোগ খণ্ডন কৰি শিশু সুৰক্ষা ব’ৰ্ডৰ বিষয়াসকলে জানিবলৈ দিয়ে যে তেওঁলোকে শিশু শ্ৰমিক কেইজনৰ উদ্ধাৰ কৰাৰ স্বাৰ্থত নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰেহে এই অভিযান কাৰ্য চলাইছে ৷

লগতে পঢ়ক: সৌৰশক্তি চালিত ফেন্সিঙে ৰোধিব হাতী-মানুহৰ সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.