ETV Bharat / state

ৰাজ্যত অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Dec 14, 2019, 6:42 PM IST

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে মংগলদৈত আজিও অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী ৷ বাক্সাতো অব্যাহত আইন বিৰোধী প্ৰতিবাদ ৷

CAB PROTEST
অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী

মঙলদৈ, 14 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে মঙলদৈত আজিও অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী ৷ আজি মংগলদৈ জিলা পুথিভঁৰাল প্ৰাংগণত সদৌ অসম ছাত্ৰ সন্থা,মংগলদৈ প্ৰেছ ক্লাৱ,অসম সাহিত্য সভা দৰং জিলা সমিতি আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ জিলা সমিতিকে আদি কৰি কেইবাটাও দল-সংগঠনৰ উদ্যোগত পুৱাৰে পৰা 9ঘন্টীয়া গণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকিয়াই দিয়ে যে কোনো কাৰণতে জাতিধ্বংসী অভিহিত নাগৰিকত্ব সংশোধনী আইন অসমে মানি নলয় ৷ তেওঁলোকৰ দাবী,যদি এই আইন চৰকাৰে বাতিল নকৰে তেন্তে তেওঁলোকৰ আন্দোলন অনিৰ্দিষ্ট কাললৈ বৰ্তি থাকিব ৷

ৰাজ্যত অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদী কাৰ্যসূচী

বাক্সা: ইফালে শুকুৰবাৰে নিশা বাক্সাতো অব্যাহত থাকিল নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ বাক্সা জিলাৰ তামুলপুৰ-ওদালগুৰি সংযোগী পথত টায়াৰ জ্বলাই স্থানীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শনিবাৰেও জিলা খনৰ ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটাৰ আন্তঃৰাষ্ট্ৰীয় ঘাইপথত আছুকে ধৰি 30টা জাতীয় সংগঠনৰ নেতৃত্বত বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

লগতে পঢ়ক: আছুক আৰ্থিকভাবে সহায়ৰ হাত তেজপুৰ বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ

Intro:বাক্সাত অব্যাহত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ।Body:ৰাজ্যসভাত যোৱা ১১ ডিচেম্বৰ ৮:৪৫ মিনিটত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহত হোৱাৰ লগে লগেই ঠাই ঠাইয়ে বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা ঘটাৰ উপৰিও ৰাজ্যৰ আইন শৃংখলা বিঘ্নিত হোৱাৰ লগতে ৰাজ্যত ১৪৪ ধাৰা আৰু সন্ধা-আইনেও বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে কৰা প্ৰতিবাদক স্মৃত কৰিব পৰা নাই বিজেপি চৰকাৰখনে। ইতিমধ্যে বিতৰ্কিত বিধেয়কখনক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ বৰ্তমানকে চাৰিজনকৈ লোকে আৰক্ষীৰ গুলিত নিহত হৈছে। ৰাজ্য চৰকাৰৰ গুলি বাৰুদেও প্ৰতিবাদকাৰী সকলক কন্ঠৰোধ কৰিব পৰা নাই । বৰ্তমানেও ৰাজ্যৰ চোকে কোনে বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত । শুক্ৰবাৰে নিশা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ তামুলপুৰ-ওদালগুৰি পথটোত টায়াৰ জ্বলাই স্থানীয় লোকসকলে বিতৰ্কিত বিধেয়ক খনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । তেনেতে শনিবাৰে জিলা খনৰ ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটাৰ ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ দাটিতৰ জালাহ ৰোড সংযোগী পথত আছু কে ধৰি ৩০ টা জাতীয় সংগঠনৰ নেতৃত্বত বিক্ষোভ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে ।

Conclusion:বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী আইন ২০১৬ বাতিল কৰক,কেব আমি নামানো, নৰেন্দ্ৰ মোদী গ বেক,অমিত শ্বাহ মুৰ্দাবাদ, সৰ্বানন্দ সোনৱাল লেই লেই চেই চেই, সৰ্বানন্দ সোনৱালৰ কাম নাই, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ , অতুল বৰা মুৰ্দাবাদ, আদি ধ্বনি দি কুমাৰীকাটাৰ পৰিবেশ উত্তাল কৰি তোলে। উক্ত প্ৰতিবাদত বিভিন্ন জাতীয় সংগঠনৰ নেতা কৰ্মীৰ লগতে স্থানীয় পুৰুষ মহিলা সকলেও অংশগ্ৰহণ কৰে ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.