ETV Bharat / state

বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু প্ৰশাসন

author img

By

Published : Dec 6, 2020, 5:46 PM IST

সম্প্ৰতি বিটিচি নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈছে ওদালগুৰি জিলা প্ৰশাসন ৷ জিলাখনৰ হৰিশিঙা ,ভৈৰৱকুণ্ড, পাচনৈ চেৰফাং, ধনশ্ৰী আৰু ৰৌতা সমষ্টিত হ'ব ভোট গ্ৰহণ ৷ মহকুমাটোৰ ৫ টা সমষ্টিত থাকিব ৪১২ টা ভোট গ্ৰহণ কেন্দ্ৰ ৷

বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু প্ৰশাসন
বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু প্ৰশাসন

দৰং,6 ডিচেম্বৰঃ বহু চৰ্চিত বিটিচিৰ নিৰ্বাচনৰ সোমবাৰে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ হ’ব ৷ ওদালগুৰি জিলাৰ ১০ টা সমষ্টিত হ'ব ভোট গ্ৰহণ ৷ তাৰে ৫ টা সমষ্টিৰ নিৰ্বাচন পৰিচালনা কৰিব ভেৰগাঁও মহকুমা প্ৰশাসনে আৰু অন্য ৫ টা সমষ্টিৰ নিৰ্বাচন পৰিচালনা কৰিব ওদালগুৰি জিলা প্ৰশাসনে ৷ সম্প্ৰতি বিটিচি নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈছে ওদালগুৰি জিলা প্ৰশাসন ৷ জিলাখনৰ হৰিশিঙা ,ভৈৰৱকুণ্ড, পাচনৈ চেৰফাং, ধনশ্ৰী আৰু ৰৌতা সমষ্টিত হ'ব ভোট গ্ৰহণ ৷ মহকুমাটোৰ ৫ টা সমষ্টিত থাকিব ৪১২ টা ভোট গ্ৰহণ কেন্দ্ৰ ৷

ইয়াৰে ৮৬ টা স্পৰ্শকাতৰ আৰু ৫৭ টা অতি স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে । দুই হাজাৰৰো অধিক কৰ্মচাৰী নিয়োগ কৰা হৈছে সমগ্ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত ৷ ইপিনে দৰং জিলাৰ পৰা নিৰ্বাচন পৰিচালনা কৰিবলৈ ১৫০ জন কৰ্মচাৰীক ওদালগুৰিলৈ নিয়া হ’ব বুলি জানিব পৰা গৈছে ৷ তাৰ সমান্তৰাল ভাৱে চহৰ অঞ্চলৰ ১৮ টা ভোট গ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব মহিলা কৰ্মচাৰীয়ে । ৫ টা সমষ্টিৰ ৩,২৩,৭০৩ জন ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩২ জন প্ৰাৰ্থীৰ ৷ ইয়াৰে আটাই কেইটা সমষ্টিত প্ৰাৰ্থীত্ব দিছে বিজেপি, বিপিএফ, ইউ পি পি এলে । তাৰ সমান্তৰল ভাৱে ভোটদানৰ সময়ত ভোটাৰ সকলে মানিব লাগিব ক’ভিড প্ৰটকল ৷

লগতে পঢ়কঃ হাগ্ৰামাক জেললৈ পঠিয়ালে হিমন্তকো পঠাব লাগিব : আব্দুল খালেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.