দৰং, 29 ছেপ্তেম্বৰঃ দৰং জিলা বিপিএফৰ উদ্যোগত মঙলদৈত 15নং ৰাষ্ট্ৰীয় ঘাইপথত এক প্ৰতিবাদী সমদল কৰি অতি কম সময়ৰ ভিতৰতে বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আৰু অসম চৰকাৰক আহ্বান জনায় ।
ইপিনে প্ৰতিবাদকাৰীয়ে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদী সমদল কৰি জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ জৰিয়তে অসম চৰকাৰৰ লগতে ৰাজ্যিক নিৰ্বাচন আয়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে । শতাধিক বিপিএফ কৰ্মকৰ্তাই বিটিচিত অতিশীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰা আৰু ৰাজ্যপালৰ শাসনৰ সময়সীমা বৃদ্ধি নকৰাৰ দাবী জনায় । ইফালে বিটিচিত বিজেপি দলে শংকাত ভুগি থকাৰ বাবেই নিৰ্দিষ্ট সময়ত নিৰ্বাচন অনুষ্ঠিত নকৰা বুলি অভিযোগ কৰে বিপিএফৰ দৰং জিলা সমিতিয়ে ।
লগতে পঢ়কঃ বনৰীয়া হাতীৰ ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছে গোৱালপাৰাৰ কৃষকে