দৰং, 12 ছেপ্টেম্বৰ : বিটিচিত নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে । আকৰ্ষণীয় হৈ পৰিছে বিশেষকৈ বিপিএফ আৰু ইউ পি পি এল দলৰ সভা সমূহ । বৰ্তমানলৈকে বিটিচি নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও দল সমূহে বিটিচি ৰাইজক আকৃষ্ট কৰাৰ অভিযানত নামি পৰিছে ৷ দেখিবলৈ পোৱা গৈছে বিভিন্ন দলৰ প্ৰাৰ্থীৰ মাজত অভিযোগ-প্ৰতি অভিযোগৰ যুঁজ ৷
৩১ নং খৈৰাবাৰীত বিপিএফ দলৰ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠিত হৈছে । খৈৰাবাৰীত প্ৰাক্তন কাৰ্যবাহী সদস্য লুমশ্ৰাউ দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় জগদীশ চৰকাৰ আৰু কলাইগাঁৱৰ বিধায়ক মহেশ্বৰ বড়োৱে । সভাখনত বিপিএফৰ প্ৰাক্তন কাৰ্যবাহী সদস্যদ্বয় আক্ৰমণাত্মক হৈ পৰে প্ৰমোদ বড়োৰ বিৰুদ্ধে । প্ৰমোদ বড়োৱে বিটিচিত কমিচনৰাজ চলাই আছে, ইউ পি পি এল এবচুৰ দল, ইউ পি পি এল দলৰ নেতা সকলে দাদাগিৰীত চলিব বিচাৰে আদি অনেকটা অভিযোগ উৎথাপন কৰিছে লুমশ্ৰাউ দৈমাৰীয়ে ।
আনাহতে প্ৰমোদ বড়ো বিপিএফ দলৰ বাবে টাৰ্ণিং পইণ্ট বুলি মন্তব্য কৰে প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে । বিটিচিত বিজেপি দল প্ৰতিদ্বন্দিতালৈ নাহে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে কাৰ্যবাহী সদস্যiৰাকীয়ে । শান্তি ঐক্য প্ৰগতিৰ স্বাৰ্থত বিটিচিত পুনৰ হাগ্ৰামাৰ নেতৃত্বত চৰকাৰ গঠন হ’ব বুলি জগদীশ চৰকাৰে মন্তব্য প্ৰকাশ কৰে । উক্ত সভাতে বিপিএফ দলত বিভিন্ন পৰ্যায়ৰ বহু লোকে যোগদান কৰে । সভাখনত কেইবাগৰাকীও নেতৃস্থানীয় লোকৰ লগতে দলীয় কৰ্মী সকল উপস্থিত থাকে ৷
লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দ্বায়িত্বত নিয়োজিত আৰক্ষীৰ আকস্মিক মৃত্যু