ETV Bharat / state

বড়ো ওমেন জাষ্টিচ ফ'ৰামৰ কাৰ্যকৰী সভানেত্ৰীক পহুখেদা !

author img

By

Published : Sep 11, 2020, 12:38 PM IST

ওদালগুৰিত বিপিএফৰ সমৰ্থকক খেদি পঠালে ৰাইজে ৷ বিপিএফৰ হৈ ভোট বিচাৰি যাওতেই ৰাইজৰ খেদা খালে বড়ো ওমেন জাষ্টিচ ফ'ৰামৰ কাৰ্যকৰী সভানেত্ৰীয়ে ।

btc election
btc election

দৰং, 11 ছেপ্টেম্বৰ : বড়ো ভূমিৰ আকাশে বতাহে এতিয়া কেৱল বিটিচি নিৰ্বাচনৰ বতৰা ৷ বিপিএফ, ইউপিপিএলকে ধৰি সকলো দল ব্যস্ত হৈ পৰিছে ভোটাৰক আকৰ্ষিত কৰাত ৷ তাৰ মাজতে ওদালগুৰিত বিপিএফৰ সমৰ্থকক খেদি পঠালে ৰাইজে ৷ বিপিএফৰ হৈ ভোট বিচাৰি যাওতেই ৰাইজৰ খেদা খালে বড়ো ওমেন জাষ্টিচ ফ'ৰামৰ কাৰ্যকৰী সভানেত্ৰী ৰৈমালী মুচাহাৰীয়ে

সততে ৰাইজৰ আগত নিকা ভাৱমূৰ্তিৰ পৰিচয় দি অহা বড়ো ওমেন জাষ্টিচ ফৰামৰ কাৰ্যকৰী সভানেত্ৰী ৰৈমালী মুচাহাৰীয়ে বিপিএফ দলৰ হৈ ভোট খুজিবলৈ গৈ ৰাইজৰ হাতত পহু খেদা খালে ওদালগুৰি জিলাত । জিলা খনৰ ৩৫ নং মুদৈবড়ি সমষ্টিৰ অন্তৰ্গত ভকটপাৰা পুনীয়া গাঁৱত বৃহস্পতি বাৰে সাংগো পাংগো সহ সংগঠনৰ কেইবাগৰাকী নেত্ৰী উপস্থিত হৈছিল ৷ উদ্দেশ্য আগন্তুক বিটিচি নিৰ্বাচনত গাঁওবাসীয়ে পুনৰবাৰ বিপিএফ দলক ভোট দিব লাগে ৷

ভোট বিচাৰি গৈ খেদা খালে বড়ো ওমেন জাষ্টিচ ফ'ৰামৰ কাৰ্যকৰী সভানেত্ৰীয়ে

কিন্তু আগৰ পৰাই বিপিএফ দলৰ বিৰুদ্ধে ক্ষোভত জ্বলি আছিল গাঁওবাসী । তেনে মূহুৰ্তত দলটোক ৰাইজে গাঁওখনৰ পৰা খেদি পঠিয়াই । এই ঘটনাই জিলাখনত চাঞ্চল‍্যৰ সৃষ্টি কৰিছে । উল্লেখযোগ্য যে কিছুদিন আগতে উক্ত সংগঠনৰ সভানেত্ৰী অঞ্জলী দৈমাৰীয়ে আনুষ্ঠানিক ভাৱে যোগদান কৰিছিল বিপিএফত ।

লগতে পঢ়ক : বিটিচিত পৰিষদ গঠনৰ প্ৰবল দাবীদাৰ হৈ উঠিছে ইউপিপিএল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.