দৰং, 21 জুনঃ কেইমাহ মান পূৰ্বে সত্যৰঞ্জন বৰাই কোৰাণ আৰু ইছলামৰ ওপৰত কিছুমান অভিযোগ উত্থাপন কৰি "ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ" শীৰ্ষক গ্ৰন্থখন লিখা বুলি উল্লেখ কৰি, জমিয়ত ওলেমা হিন্দৰ ৰাজ্যিক সাধাৰণ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীয়ে কয়, তেওঁ যিবোৰ কথা সেই কিতাপ খনত উত্থাপন কৰিছিল সেইবোৰৰ উত্তৰ বহু বছৰ পূৰ্বেই বহু কিতাপত লিখা হৈছে ৷ সত্যৰঞ্জন বৰাৰ "ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ"ৰ প্ৰত্যুত্তৰ দি মঙলদৈৰ নগৰবাহীৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক, মৌলানা ছাইদুৰ ৰহমান কাছিমীয়ে "সত্য উদয়" নামৰ গ্ৰন্থখন লিখি দেওবাৰে উন্মোচন কৰে ৷
দেওবাৰে মঙলদৈ প্ৰেছ ক্লাবত "সত্য উদয়" নামৰ গ্ৰন্থখন উন্মোচন কৰে ডঃ জালামুদ্দিন আহমেদে ৷ গ্ৰন্থখনৰ ওপৰত স্পষ্টভাৱে "কোৰাণৰ ক্ষেত্ৰত সত্যৰঞ্জৰ বৰাৰ বিতৰ্কিত কিতাপৰ প্ৰত্যুত্তৰ" বুলি লিখা আছে বুলি উল্লেখ কৰে মৌলানা ফজলুল কৰিম কাছিমীয়ে ৷ লগতে তেওঁ সত্যৰঞ্জন বৰাক এই গ্ৰন্থখন পঢ়ি, ইয়াৰ পিচতো যদি কিবা থাকে তেন্তে তেখেতক সেই বিষয় উত্থাপন কৰিবলৈয়ো আহ্বান জনায় ৷
লগতে পঢ়কঃ নয়ডাৰ দুই ইউনিটক ২৫ লাখ টকা জৰিমণাৰ দাবী ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ