ETV Bharat / state

জিলা পুথিভঁৰাল প্ৰাংগণত আৰম্ভ মঙলদৈ গ্ৰন্থমেলা - জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰা

২৩ ফেব্ৰুৱাৰীৰ পৰা ছয়দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মঙলদৈ গ্ৰন্থমেলা ২০২১ । মঙলদৈ প্ৰেছ ক্লাব আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ সহযোগত মঙলদৈ জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত হয় এই গ্ৰন্থমেলা ৷ প্ৰথমদিনাই গ্ৰন্থমেলাত ব্যাপক জন সমাগম দেখা যায় ।

মঙলদৈ গ্ৰন্থমেলা ২০২১
author img

By

Published : Feb 24, 2021, 10:41 AM IST

দৰং,২৪ ফেব্ৰুৱাৰী: মঙলবাৰৰ পৰা মঙলদৈ প্ৰেছ ক্লাব আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ সহযোগত জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত হৈছে মঙলদৈ গ্ৰন্থমেলা 2021 । ছয়দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই গ্ৰন্থমেলা ৷ জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই উদ্বোধন কৰা এই গ্ৰন্থমেলাৰ জৰিয়তে গ্ৰন্থ অধ্যয়ন নকৰাৰ বাবেই বহু লোকে কৰ’ণাকালত হতাশাত ভুগিছিল বুলি ব্যক্ত কৰে । গ্ৰন্থ অধ্যয়নৰ অভ্যাস থকা লোকসকলে বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰি সময়বোৰ সুন্দৰভাৱে অতিবাহিত কৰিছিল । মানুহে হতাশাগ্ৰস্ততাৰ পৰা মুক্ত হ'বলৈ গ্ৰন্থ অধ্যয়ন কৰা উচিত । গ্ৰন্থই হৈছে মানুহৰ অন্যতম লগৰী । বিশেষকৈ কৰ’ণা মহামাৰীৰ সময়ত দীঘলীয়া লক ডাউনৰ বাবে গ্ৰন্থই বহুতকে প্ৰেৰণা দিয়াৰ লগতে জীৱনীশক্তি হৈ পৰিছিল বুলি গ্ৰন্থমেলাখনি উদ্বোধন কৰি মন্তব্য কৰে বৰাই ।

গ্ৰন্থমেলাৰ প্ৰথম দিনাখনেই তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । সেই অনুসৰি বিশিষ্ট নিৱন্ধকাৰ, সাহিত্যিক মুনিন্দ্ৰ বৈশ্যৰ 'ভাৱনাৰ মালিতা' নামৰ গ্ৰন্থখন উন্মোচন কৰে ডঃ পৰমানন্দ ৰাজবংশীয়ে । আনহাতে মঙলদৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডঃ লীনা শইকীয়াৰ শিশুপুথি বীৰ "বীৰাংগনাৰ কাহিনী" উন্মোচন কৰে জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই । কবি লিলি বৈশ্য কলিতাৰ 'ভেট ফুলৰ মৌ' গ্ৰন্থখন উন্মোচন কৰে লোক সংস্কৃতিৰ গৱেষক তৰুণ আজাদ ডেকাই ।

মঙলদৈ গ্ৰন্থমেলা ২০২১
মঙলদৈ গ্ৰন্থমেলা ২০২১

বহুদিনৰ বিৰতিত মঙলদৈত অনুষ্ঠিত এই গ্ৰন্থমেলাৰ প্ৰথম দিনাই ব্যাপক জন সমাগম পৰিলক্ষিত হৈছে । নিশা অসম নাট্য সন্মিলনৰ দ্বাৰা নাট্যকাৰ বিপুল চলিহা পৰিচালিত হাঁহিৰ আঁৰৰ বাঁহী শীৰ্ষক নাটখনি প্ৰদৰ্শন কৰা হয় । বুধবাৰে জিলা প্ৰশাসনৰ উদ্যোগত দক্ষতা বিকাশ কৰ্মশালাৰ লগতে বিয়লি 4 বজাত 10 গৰাকী নবীন-প্ৰবীন লেখকৰ গ্ৰন্থ উন্মোচন আৰু সন্ধিয়া 6 বজাত সুৰতীৰ্থ গুৱাহাটীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ’ব বুলি আয়োজক সমিতিৰ সমন্বয়ক মুকুট ৰাজ শৰ্মা আৰু মঙলদৈ প্ৰেছ ক্লাবৰ সম্পাদক লক্ষীনন্দন কলিতাই জানিবলৈ দিয়ে ।

বিশিষ্ট অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মাই আঁত ধৰা আৰু আয়োজক সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক গুৰুজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশী, ৰাজ্যিক কাৰ্য নিৰ্বাহক অখিল কলিতা, আছুৰ বিত্ত সম্পাদক খনীন্দ্ৰ ৰাজবংশী, যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি ভৱেশ কাকতি, দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন ৰাজবংশী, আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা, সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ডেকা, মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন বৰুৱা আদি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: বিজেপিৰ উদ্যোগত ৰাজ্যজুৰি পৰিয়াল সম্পর্ক অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.