দৰং, 24 ছেপ্তেম্বৰ: বৃহস্পতিবাৰে দৰং জিলাৰ সদৰস্থিত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আনুস্থানিক ভাৱে বিতৰণ কৰা হয় ৰাজ্য চৰকাৰে একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে যোগান ধৰা বিনামূলীয়া পাঠ্যপুথি ৷ দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ সভাপতিত্বত অনুস্থিত হোৱা এই পাঠ্যপুথি বিতৰণী অনুষ্ঠানত উপস্থিত থাকে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, অতিৰিক্ত উপায়ুক্ত বিজয় ভাষ্কৰ ৰেড্ডী, বিদ্যালয় সমূহৰ পৰিদৰ্শক নৃপেন দাস, মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডাঃ অৰবিন্দ ডেকা আৰু বিদ্যালয় খনৰ অধ্যক্ষা ললিতা ডেকা ৷
সহকাৰী শিক্ষক আব্দুল ৰৌফ আহমেদে আঁত ধৰা অনুস্থানটোত জিলাখনৰ 19 খন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়ৰ মাজৰ 8 খন বিদ্যালয়ৰ প্ৰধান শিক্ষক কেইগৰাকীক আনুষ্ঠানিক ভাৱে পাঠ্যপুথিৰ টোপোলা প্ৰদান কৰা হয় ৷ উক্ত বিদ্যালয় কেইখন হ'ল মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ভকতপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ঔতৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ পাঠ্যপুথি বিতৰণ কৰি দিয়া ভাষণত জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই চৰকাৰী বিদ্যালয় সমূহৰ শৈক্ষিক মানদণ্ড উন্নত কৰিবলৈ শিক্ষক শিক্ষয়িত্ৰী সকলক আহ্বান জনায় ৷
লগতে পঢ়কঃ এ জে পিত যোগদানৰ প্ৰস্তুতি সম্পূৰ্ণ কংগ্ৰেছ-অগপৰ তিনি নেতাৰ