ETV Bharat / state

বানৰ কবলত মংগলদৈ অসামৰিক চিকিৎসালয় - পানী বুৰালে মংগলদৈ অসামৰিক চিকিৎসালয়

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দৰং জিলাতো বানপানীয়ে সৃষ্টি কৰিছে প্ৰবল বানৰ ৷ প্ৰতিদিনেই বাঢ়ি অহা পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে মংগলদৈ অসামৰিক চিকিৎসালয় ৷ 100 খন বিচনাযুক্ত মাতৃ আৰু শিশু স্বাস্থ্য কেন্দ্ৰত বানপানীৰ বাবে এতিয়া ৰোগী সকলৰ লগতে স্বাস্থ্য কৰ্মী সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷ আনহাতে,মংগলদৈত নাও দুৰ্ঘটনাত মৃত্যু হৈছে লক্ষন সিং নামৰ এজন 50 বছৰীয়া ব্যক্তিৰ ৷ চহৰখনৰ মোৱামাৰীত সংঘটিত হৈছে এই ঘটনা ৷ মৃত্যু হোৱা লোকজনে নাৱেৰে মংগলদৈ চহৰত গাখীৰ বিক্ৰী কৰি ঘৰলৈ উভতি আহোতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

Boat accident in darrang magaldoi, one dead
উফন্দি উঠা নৈৰ পানীয়ে বুৰাই পেলাইছে অসামৰিক চিকিৎসালয়
author img

By

Published : Jul 14, 2020, 6:11 PM IST

দৰং, 14 জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দৰং জিলাতো বানপানীয়ে সৃষ্টি কৰিছে প্ৰবল বানৰ ৷ উফন্দি উঠা নৈৰ পানীয়ে বুৰাই পেলাইছে জিলাখনৰ বিভিন্ন অঞ্চল ৷ প্ৰতিদিনেই বাঢ়ি অহা পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে মংগলদৈ অসামৰিক চিকিৎসালয় ৷ 100 খন বিচনাযুক্ত মাতৃ আৰু শিশু স্বাস্থ্য কেন্দ্ৰত বানপানীৰ বাবে এতিয়া ৰোগী সকলৰ লগতে স্বাস্থ্য কৰ্মী সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷

বানৰ কবলত মংগলদৈ অসামৰিক চিকিৎসালয়

চিকিৎসালয়খনৰ চাৰিওফালে পানী পৰিপূৰ্ণ হোৱাৰ বাবে ৰোগী সকল আহ যাহ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে ৷ আনকি,100 মিটাৰ পথ ৰিক্সাৰে অহা যোৱা কৰাৰ বাবদ ৰোগী সকলে ভৰিব লগা হৈছে প্ৰায় 40ৰ পৰা 50 টকা ৷

আনহাতে,কৰ'ণাৰ চিকিৎসাত ব্যৱহাৰ হোৱা পেলনীয়া সামগ্ৰী জ্বলাই নিদি চিকিৎসালয়ৰ চৌহদত পেলাই দিয়াত সেই সমূহ সামগ্ৰী ওপঙি উঠাৰ বাবে পানীত খোজ কাঢ়িবলৈ ভয় হৈছে কৰ্মচাৰী সকলৰ ।

ইফালে,জনাৰাম চৌকা গাঁও পঞ্চায়তৰ অন্তৰ্গত বহু গাঁও বর্তমানেও পানীৰ তলত পৰিছে । জানিব পৰা মতে,মংগলদৈত নাও দুৰ্ঘটনাত মৃত্যু হৈছে লক্ষণ সিং নামৰ এজন 50 বছৰীয়া ব্যক্তিৰ ৷ চহৰখনৰ মোৱামাৰীত সংঘটিত হৈছে এই ঘটনা ৷ মৃত্যু হোৱা লোকজনে নাৱৰে মংগলদৈ চহৰত গাখীৰ বিক্ৰী কৰি ঘৰলৈ উভতি আহোতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ বৰ্তমানেও উদ্ধাৰ হোৱা নাই ব্যক্তিজনৰ মৃতদেহ ৷ লগতে,উক্ত দুৰ্ঘটনাত সন্তোস মণ্ডল আৰু ঈশ্বৰ মণ্ডল নামৰ 2 জন ব্যক্তি কথমপি প্ৰাণ ৰক্ষা পৰে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : বিধায়ক শিলাদিত্যৰ বাসভৱনৰ সন্মুখত সহস্ৰাধিক দলীয় কৰ্মীৰ ভিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.