মঙলদৈ, ১অক্টোবৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মঙলদৈতো আজি 'ৰাষ্ট্ৰীয় স্বেচ্ছা ৰক্তদান দিৱস' উদযাপন কৰা হৈছে । মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভড়ালৰ উদ্যোগত সজাগতামুলক সমদল উলিয়ওৱাৰ লগতে সজাগতা সভাও অনুষ্ঠিত হয় । মঙলদৈ চহৰৰ মাজেৰে উলিওৱা এই সজাগতামূলক সমদলৰ উদ্বোধন মহকুমা স্বাস্থ্য বিষয়া নিৰ্মল কুমাৰ বেৰিয়াই। মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভঁৰালৰ সভাগৃহত এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰা হয়।
সভাত উপস্থিত থাকে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক গোপী নাথ বৰা, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিভাগৰ জেষ্ঠ চিকিৎসক মনিন্দ্ৰ মেধি, শিশুৰোগ বিশেষজ্ঞ যদুমনি কটকী, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভঁৰালৰ ভাৰপ্ৰাপ্ত বিষয়া ডাউদ আলী। এই সজাগতা সভাত দৰং জিলাৰ ৰক্তদাতা সংস্থা 'উই দ্য ব্লাড ড'নাৰ' গ্ৰুপৰ লগতে ইউনিটি , ক্ৰিষ্টেল ভিচন আৰু মাৰোৱাৰী যুৱমঞ্চৰ স্বেচ্ছাসেৱী ৰক্তদাতাসকল উপস্থিত থাকে ৷
লগতে পঢ়ক: নাৰায়ণপুৰত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা