দলগাঁও,১৩ ফেব্ৰুৱাৰী: আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দৰঙৰ দলগাওঁ সমষ্টিত নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে বিভিন্ন ৰাজনৈতিক দল সমূহে ৷ সেই উপলক্ষে শনিবাৰে দৰঙৰ দলগাওঁ টাউন খেল পথাৰত বিজেপি দলৰ পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে বিজেপি দলৰ অসম প্ৰদেশ সংখ্যালঘূ মৰ্চাৰ সভাপতি মুখতাৰ হুছেইন খান,সংখ্যালঘু মৰ্চাৰ উপ সভাপতি তবিবৰ ৰহমান, দৰং জিলাৰ প্ৰভাৰী অমিয়া কুমাৰ ভূঞা ,দৰং জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মাসহ বহু নেতা-কৰ্মী ।
বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি তবিবৰ ৰহমানে এই অনুষ্ঠানতে কয় যে দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াছ আলীয়ে তিনিটা কাৰ্যকাল পাৰ কৰিলে কিন্তু সমষ্টিৰ কাৰণে একো উন্নয়ন কৰিব নোৱাৰিলে ৷ বিধান সভাৰ মজিয়াত এষাৰ মাত মাতিব নোৱাৰিলে বুলিও বিধায়ক গৰাকীক সমালোচনা কৰে তবিবৰ ৰহমানে ৷ কেৱল সংখ্যালঘু ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰো অভিযওগ তুলিলে বিধায়ক ইলিয়াছ আলীৰ বিৰুদ্ধে । এইবাৰ দলগাঁও সমষ্টিত ভাৰতীয় জনতা পাৰ্টি অধিক শক্তিশালী হৈছে যাৰ বাবে দাবী সহকাৰে সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীয়ে আগন্তুক নিৰ্বাচনত দলগাঁৱত বিজেপিৰ প্ৰাৰ্থী দি জয়যুক্ত কৰিব বুলি কয়। ইফালে এই অনুষ্ঠানত কংগ্রেছৰ লগতে এ আই ইউ ডি এফৰ বহু নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰে ।
লগতে পঢ়ক:মৰিয়নীত বিনামূলীয়াকৈ হেলমেট বিতৰণ