ETV Bharat / state

ৰাম-সীতাক লৈ ফেচবুকত বিতৰ্কিত পোষ্ট দি আটক বিজেপি নেতা - বিতৰ্কিত পোষ্ট দি আটক দৰঙৰ বিজেপি নেতা

ফেচবুকত বিতৰ্কিত মন্তব্য কৰি আৰক্ষীৰ ৰোষত পৰিল বিজেপি নেতা (BJP leader detained)। দৰং জিলা বজৰং দলৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিলে বিজেপিৰ কৰ্মীক ৷ আটকাধীন বিজেপি কৰ্মীজন দলগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য ৰেকিবুৰ ৰহমান ৷

BJP leader detained for a controversial Facebook post

author img

By

Published : Jun 15, 2022, 7:49 AM IST

দৰং, 15 জুন : দৰঙত আৰক্ষীয়ে আটক কৰিছে এগৰাকী বিজেপি কৰ্মীক ৷ ফেচবুকত বিতৰ্কিত মন্তব্য কৰাৰ বাবেই আটক কৰা হৈছে দলগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য ৰেকিবুৰ ৰহমানক (BJP leader's controversial Facebook post) ৷ দৰং জিলা বজৰং দলৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিলে বিজেপিৰ কৰ্মীজনক ৷ ৰাম-সীতাক লৈ বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ ৰেকিবুৰ ৰহমানৰ বিৰুদ্ধে (Controversial post on Lord Ram) ৷ বিজেপি দলৰ সদস্য ৰেকিবুৰ ৰহমান ৰাজ্যিক হজ কমিটীৰো সদস্য বুলি জানিব পৰা গৈছে ।

ৰাম-সীতাক লৈ বিতৰ্কিত পোষ্ট দি আটক দৰঙৰ বিজেপি নেতা

উল্লেখযোগ্য যে, নিজৰ ফেচবুক একাউন্টযোগে ৰেকিবুৰে আপলোড কৰিছিল এটা আপত্তিজনক পোষ্ট ৷ তেওঁ লিখিছিল, ‘‘ভগৱান ৰামে সীতাক ৬ বছৰ বয়সতে বিয়া কৰাইছিল, প্ৰফেট মহম্মদেও ৬ বছৰীয়া ছোৱালী বিয়া কৰাইছিল, খেলা ড্ৰ’’ । এই পোষ্ট ভাইৰেল হোৱাৰ পাচতে দৰং জিলা বজৰং দলৰ বিষয়-ববীয়াই থানাত এজাহাৰ দাখিল কৰে ৰেকিবুৰৰ বিৰুদ্ধে ৷ আনৰ ধৰ্মীয় অনুভূতিত আঘাত হানিব পৰা এনে পোষ্ট দিয়াৰ বাবে আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰে ৰেকিবুৰক (BJP leader detained) ৷

কেইদিনমান পূৰ্বে বিজেপি নেত্ৰী নূপুৰ শৰ্মাই হজৰত মহম্মদ সন্দৰ্ভত দিয়া মন্তব্যৰ বাবে বিতৰ্কৰ সূত্ৰপাত হৈছে সমগ্ৰ দেশত (Nupur Sarmra controversy) ৷ দেশৰ ৰাজধানী দিল্লী, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, পশ্চিমবংগ, তেলেংগানা, গুজৰাট আদি বিভিন্ন ৰাজ্যত প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছিল ৷ ইতিমধ্যে নূপুৰ শৰ্মাক বিজেপিৰ পৰা অপসাৰণ কৰা হৈছে ৷

লগতে পঢ়ক : ক্ৰাইম ব্ৰাঞ্চৰ নামত ধন দাবী কৰা প্ৰৱঞ্চক চি আই ডিৰ জালত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.