ETV Bharat / state

কলাইগাঁৱত বিপিএফৰ বাবে প্ৰত্যাহ্বান বিজেপি প্ৰাৰ্থী মধুৰাম ডেকা - নিৰ্বাচনী প্ৰচাৰ

কলাইগাঁও বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী মধুৰাম ডেকাই বৃহস্পতিবাৰে গাঁৱে গাঁৱে গৈ চলায় নিৰ্বাচনী প্ৰচাৰ ৷ উল্লেখ্য যে, এইবেলি নিৰ্বাচনত বিপিএফৰ বাবে প্ৰত্যাহ্বান হিচাপে থিয় দিছে বিজেপি প্ৰাৰ্থী গৰাকী ৷

madhuram deka
মধুৰাম ডেকা
author img

By

Published : Mar 25, 2021, 4:42 PM IST

Updated : Mar 25, 2021, 5:41 PM IST

দৰং,25 মাৰ্চ : আগন্তুক 1 এপ্ৰিলত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে বৃহস্পতিবাৰে দৰং জিলাৰ কলাইগাঁও বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী মধুৰাম ডেকাই চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ গাঁৱে গাঁৱে গৈ নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰাৰ্থী গৰাকীয়ে ৷

উল্লেখ্য যে, পোনপ্ৰথমবাৰৰ বাবে কলাইগাঁও সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে ৷ বিপিএফৰ দখলত থকা সমষ্টিটোত বিপিএফৰ বাবে প্ৰত্যাহ্বান হিচাপে থিয় দিছে বিজেপি প্ৰাৰ্থী মধুৰাম ডেকাই ।

মধুৰাম ডেকা

মধুৰাম ডেকাই বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই কয় যে, স্বাধীনতাৰ পাচৰে পৰা আজিও উন্নয়নৰ মুখ নেদেখিলে কলাইগাঁও সমষ্টিবাসী ৰাইজে । আনহাতে, কংগ্ৰেছ ত্যাগ কৰি ৰাতিৰ ভিতৰতে বিপিএফত যোগদান কৰা দূৰ্গা দাস বড়োক তীব্ৰ সমালোচনা কৰি কয় যে, কোনো কাৰণতে দূৰ্গা দাস বড়ো তেওঁৰ বাবে ফেক্টৰ নহয় ।

লগতে পঢ়ক : নাওবৈচাত অন্তিম প্ৰচাৰত ব্যস্ত জয়ন্ত খাউণ্ড

Last Updated : Mar 25, 2021, 5:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.