মঙ্গলদৈ, 2 এপ্ৰিলঃ মঙ্গলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাই আজি ওদালগুৰিত উপস্থিত হৈ দলীয় নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে ৰাজীৱ ভৱনত দলীয় কৰ্মী সকলৰ লগত আলোচনাত মিলিত হয় । ইয়াৰ পিছতে ভুৱনেশ্বৰ কলিতাই ওদালগুৰি জিলা কংগ্ৰেছৰ সভাপতি বৃষ্টি বসুমতাৰীৰ বাসগৃহত উপস্থিত হৈ প্ৰায় তিনি ঘন্টা ধৰি কংগ্ৰেছৰ বিভিন্ন নেতা তথা কেইবাটাও দল সংগঠনৰ নেতৃত্বক সাক্ষাৎ কৰি আলোচনাত মিলিত হয় । দল সংগঠন সমূহক সাক্ষাৎ কৰি সমৰ্থন আদায়ৰ চেষ্টা কৰে কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই ।
ইয়াৰোপৰিকেব বিৰোধী দল সংগঠন সমূহে তেখেতক সাক্ষাৎ কৰে বুলি মন্তব্য কৰাৰ লগতে তেওঁৰ জয়ৰ পথ সুচল বুলিও দাবী কৰে । ইপিনে বিজেপি প্ৰাৰ্থী দীলিপ শইকীয়াই তেওঁক ধুমকেতু বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে কলিতাই অতি সৰল ভাবে দীলিপ শইকীয়াক ৰাজনৈতিক পথাৰত নতুন বুলি কোৱাৰ লগতে তেওঁৰ জিভা পিছল খাব পাৰে মই ধৰি থকা নাই বুলি মন্তব্য কৰে ।
কথা ধৰি থকা মানুহ নহয় ভুৱনেশ্বৰ কলিতা! - Bhubneswar kalita
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে তৎপৰ হৈ পৰিছে প্ৰাৰ্থীসকল ৷ মঙ্গলবাৰে মঙ্গলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে কেব বিৰোধী বিভিন্ন দল-সংগঠনৰ লগত আলোচনাত মিলিত হয়
![কথা ধৰি থকা মানুহ নহয় ভুৱনেশ্বৰ কলিতা!](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2882357-321-4715611c-9639-45f8-870a-54fadb6169cc.jpg?imwidth=3840)
মঙ্গলদৈ, 2 এপ্ৰিলঃ মঙ্গলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাই আজি ওদালগুৰিত উপস্থিত হৈ দলীয় নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে ৰাজীৱ ভৱনত দলীয় কৰ্মী সকলৰ লগত আলোচনাত মিলিত হয় । ইয়াৰ পিছতে ভুৱনেশ্বৰ কলিতাই ওদালগুৰি জিলা কংগ্ৰেছৰ সভাপতি বৃষ্টি বসুমতাৰীৰ বাসগৃহত উপস্থিত হৈ প্ৰায় তিনি ঘন্টা ধৰি কংগ্ৰেছৰ বিভিন্ন নেতা তথা কেইবাটাও দল সংগঠনৰ নেতৃত্বক সাক্ষাৎ কৰি আলোচনাত মিলিত হয় । দল সংগঠন সমূহক সাক্ষাৎ কৰি সমৰ্থন আদায়ৰ চেষ্টা কৰে কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই ।
ইয়াৰোপৰিকেব বিৰোধী দল সংগঠন সমূহে তেখেতক সাক্ষাৎ কৰে বুলি মন্তব্য কৰাৰ লগতে তেওঁৰ জয়ৰ পথ সুচল বুলিও দাবী কৰে । ইপিনে বিজেপি প্ৰাৰ্থী দীলিপ শইকীয়াই তেওঁক ধুমকেতু বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে কলিতাই অতি সৰল ভাবে দীলিপ শইকীয়াক ৰাজনৈতিক পথাৰত নতুন বুলি কোৱাৰ লগতে তেওঁৰ জিভা পিছল খাব পাৰে মই ধৰি থকা নাই বুলি মন্তব্য কৰে ।
ইয়াৰ পিছতে সাংবাদিকৰ সৈতে মুখা মুখি হয় কলিতাই কেব বিৰোধী দল সংগঠন সমূহে তেখেতক সাক্ষাৎ কৰে বুলি মন্তব্য কৰাৰ লগতে তেওঁৰ বিজয় পথ সুচল বুলি দাবী কৰে । ইপিনে বিজেপি প্ৰাৰ্থী দীলিপ শইকীয়াই তেওঁক ধুমকেতু বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে কলিতাই অতি সৰল ভাবে দীলিপ শইকীয়াক ৰাজনৈতিক পথাৰত নতুন বুলি কোৱাৰ লগতে তেওঁৰ জিভা পিছল খাব পাৰে মই ধৰি থকা নাই বুলি মন্তব্য কৰে ।
Conclusion: