ETV Bharat / state

দৰঙত সুধাকণ্ঠৰ স্মৃতি দিৱস উদযাপন - ভাৰতৰত্ন,সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা

দৰঙৰ নৱগঠিত মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে,মঙলদৈৰ উদ্যোগত আজি ভাৰতৰত্ন,সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় ।

দৰঙত সুধাকণ্ঠৰ স্মৃতি দিৱস উদযাপন
দৰঙত সুধাকণ্ঠৰ স্মৃতি দিৱস উদযাপন
author img

By

Published : Nov 5, 2020, 12:22 PM IST

Updated : Nov 5, 2020, 1:30 PM IST

দৰং,5 নৱেম্বৰঃ সুৰ, সংগীত আৰু মহান ব্যক্তিত্বৰে অসমীয়া সমাজ জীৱনক প্ৰতি নিয়ত উদ্বুদ্ধ কৰি ৰখা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ আজি নৱম সংখ্যক মৃত্যু বাৰ্ষিকী ৷ 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত জন্ম হৈছিল এইগৰাকী মহান শিল্পীৰ ৷ তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তি প্ৰিয়া হাজৰিকা ৷

দৰঙত সুধাকণ্ঠৰ স্মৃতি দিৱস উদযাপন

পৰিয়ালৰ দহোটি সন্তানৰ ভিতৰত জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা ৷ সংস্কৃতিবান পৰিয়ালটোৰ ভাতৃ-ভগ্নীসকলৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, সুদক্ষিণা শৰ্মা, সমৰ হাজৰিকাকে ধৰি প্ৰতিগৰাকীৰেই আছে অসমৰ সংগীত জগতত এক সুকীয়া পৰিচয় ৷

সুধাকণ্ঠৰ স্মৃতি দিৱস উদযাপন
সুধাকণ্ঠৰ স্মৃতি দিৱস উদযাপন

দৰঙৰ নৱগঠিত মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে,মঙলদৈৰ উদ্যোগত আজি ভাৰতৰত্ন,সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা ৬ বজাত মঙলদৈ চহৰৰ লক্ষ্মীনাথ বেজবৰুৱা পথৰ পৰা মঙলদৈ ডঃ ভূপেন হাজৰিকা উদ্যানলৈ প্ৰভাত ফেৰী কৰে। প্ৰভাত ফেৰীত অৰ্ধশতাধিক লোকে অংশগ্ৰহণ কৰি বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত পৰিৱেশন কৰি সমগ্ৰ পৰিৱেশ মুখৰিত কৰি তোলে।

মঙলদৈ ডঃ ভূপেন হাজৰিকা স্মৃতি উদ্যানত উদ্যোক্তাসকলে সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন,মাল্যাৰ্পণ কৰাৰ লগতে 'মানুহে মানুহৰ বাবে ---- ' শীৰ্ষক গীতটি পৰিৱেশন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

লগতে চাওকঃ উত্তৰ-পূৱত অধিক বিনিয়োগৰ লক্ষ্য ইজৰাইলৰ

Last Updated : Nov 5, 2020, 1:30 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.