দলগাঁও, 9 মাৰ্চ : প্ৰতি বছৰৰ দৰে এইবছৰো দৰঙৰ খাৰুপেটীয়াত উলহ-মালহেৰে পালন কৰা হ'ল বসন্ত উৎসৱ ৷ কিন্তু আবিৰৰ সলনি সকলোৱে ৰঙৰ উৎসৱ হোলী পালন কৰিলে সেন্দুৰ, হালধী আৰু ফুলেৰে ৷
বৃহত্তৰ খাৰুপেটীয়া শিল্পী সমাজে হোলী উপলক্ষে সোমবাৰে এক শোভাযাত্ৰাৰ আয়োজন কৰে ৷ খাৰুপেটীয়াৰ ৰামকৃষ্ণ সেৱাশ্ৰমৰ পৰা নগৰৰ মাজেদি উলিওৱা এই ৰং-বিৰঙী সমদল খাৰুপেটীয়াৰ বাৰোৱাৰী পূজা মন্দিৰ প্ৰাংগনত অন্ত পৰে ৷ এইবাৰৰ বসন্ত উৎসৱ শোভাযাত্ৰাৰ মূল আকৰ্ষণ আছিল পশ্চিমবংগৰ শান্তি নিকেতনৰ হোলীৰ গীত-নৃত্য ৷
সমগ্ৰ বিশ্বতে কৰ'ণাভাইৰাছ আতংকই বিৰাজ কৰা বাবে খাৰুপেটীয়াবাসীয়ে হালধী, সেন্দুৰ আৰু ফুলেৰে পবিত্ৰ হোলী উৎসৱ উদযাপন কৰে বুলি জানিবলৈ দিয়ে আয়োজক মণ্ডলীয়ে ৷ আকৰ্ষণীয় বসন্ত উৎসৱৰ শোভাযাত্ৰাত বৃহত্তৰ শিল্পী সমাজৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু খাৰুপেটীয়াবাসী ৰাইজে অংশগ্ৰহণ কৰে ৷
আৰু পঢ়ক : বাংগালুৰুত কৰ'ণাত আক্ৰান্ত এজন : ভাৰতত 44 লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা