দলগাঁও, ৩ মাৰ্চ : বন্ধন বেংকৰ সহযোগী সংস্থা 'বন্ধন কন্নগৰৰ' শিক্ষামূলক আচঁনিৰ জৰিয়তে দেশৰ মুঠ ৫ খন ৰাজ্যৰ ১৭৮২খন গাওঁক সামৰি মুঠ ১৩৭৭৩৬ গৰাকী লৰা-ছোৱালীক ৪৪৫৪ খন শিক্ষাকেন্দ্ৰৰ যোগেদি বিনামূলীয়াকৈ শিক্ষাদান আগবঢ়াই আহিছে ৷
অসমতো এই আঁচনিৰ জৰিয়তে ৩৭০ খন শিক্ষাকেন্দ্ৰৰ যোগেদি ১১১৮৩ গৰাকী শিক্ষাৰ্থীক শিক্ষাদান কৰা হৈছে ৷ এই আঁচনিৰ জৰিয়তে অসমৰ নলবাৰী, বৰপেটা, বাক্সা, ওদালগুৰি, মৰিগাঁও, নগাঁও, কৰিমগঞ্জ, কাছাৰ, হাইলাকান্দি আৰু দৰং জিলাৰ দলগাঁও শিক্ষা খণ্ডক সামৰি লোৱা হৈছে ।
দলগাঁও শিক্ষা খণ্ডত আছে মুঠ ২০ খন কেন্দ্ৰ । তাৰে বাঢ়ৈপাৰা গাঁৱত স্থাপন কৰা বাঢ়ৈপাৰা বন্ধন শিক্ষা কেন্দ্ৰত মুঠ ৩৩ গৰাকী ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়া কৈ শিক্ষাদান কৰিছে বন্ধন শিক্ষা কেন্দ্ৰই ।
লগতে পঢ়ক: আজি মুক্তিৰ সম্ভাৱনা কুইপ’ৰ দুই অপহৃত বিষয়াৰ