দৰং,18 মাৰ্চ: দৰং জিলাৰ দলগাঁও সমষ্টিৰ এআইইউডিএফ-ৰ প্ৰাৰ্থী মজিবুৰ ৰহমানৰ হৈ বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই দলটোৰ সভাপতি বদৰুদ্দিন আজমলে । সমষ্টিটোৰ অন্তৰ্গত খাৰুপেটীয়া মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা এক সমদল কৰি বাহাবাৰি হৈ নেপালী বজাৰত এখন সভা অনুষ্ঠিত কৰা হয় ৷
নিৰ্বাচনী সভাখনত ভাষণ প্ৰদান কৰি আজমলে কয় যে, ‘‘এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ’ব । চৰকাৰ আহিলে 5 লাখ নিবনুৱাক কৰ্ম সংস্থাপন দিব । চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ লগতে গৃহিণীক মাহে 2000 টকাকৈ দিয়া হ’ব’’ ৷
সমষ্টিটোৰ 12 খন সভাত অংশগ্ৰহণ কৰে বদৰুদ্দিন আজমলে ৷ লগতে সমদল আৰু সভাত দলগাঁৱৰ প্ৰাৰ্থী মজিবুৰ ৰহমানেও অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে, দলগাঁও সমষ্টিত মুঠ 5 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । সমষ্টিটোৰ পৰা কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক ইলিয়াছ আলী, অগপৰ প্ৰাৰ্থী হাবিবুৰ ৰহমান, ৰাইজৰ দলৰ প্ৰাৰ্থী আৰৱ আলী আৰু নিৰ্দলীয় প্ৰাৰ্থী চাইফুল হকে প্ৰাৰ্থিত্ব আগবঢ়াব ।
লগতে পঢ়ক: বকোত মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ মনোনয়ন দাখিল