ETV Bharat / state

Flood in Assam : শাকতোলা মঠাউৰি ছিগি যোৱাৰ আশংকাত ত্ৰস্তমান দৰংবাসী

author img

By

Published : Jun 19, 2023, 11:59 AM IST

পুনৰ শংকা বাঢ়িছে দৰঙৰ শাকতোলাক লৈ । শাকতোলা নদীৰ দক্ষিণ অংশত জিঅ’ বেগৰ ওপৰৰে বোৱা সোঁতে বিপদ আনিছে অৰ্ধনিমিত মথাউৰিলৈ ৷ ইফালে মানিকপুৰত বানপানীৰ কবলত পৰিছে কুৰিখনৰো অধিক গাঁও । বিপদসংকুল অৱস্থাত আছে মথাউৰি ।

Flood in Assam
ৰাজ্যতে হৈ আছে মুষলধাৰ বৰষুণ
ৰাজ্যতে হৈ আছে মুষলধাৰ বৰষুণ

দৰং/মানিকপুৰ, 19 জুন : বিগত কেবাদিন ধৰি সমগ্ৰ ৰাজ্যতে হৈ আছে মুষলধাৰ বৰষুণ ৷ ইতিমধ্যে আজি বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ কেবাখনো জিলা ৰেড এলাৰ্ট, অৰেঞ্জ এলাৰ্ট আৰু ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে ৷ ৰাজ্যত সঘনে হৈ থকা মুষলধাৰ বৰষুণৰ ফলত বানৰ সৃষ্টি হেৱাৰ লগতে ছিগিছে কেবাটাও মথাউৰি, খহিছে নৈৰ গৰা ৷ যাক লৈ চিন্তিত হৈ পৰিছে স্থানীয় লোক ৷

এই প্ৰৱল বৃষ্টিপাতৰ ফলত এতিয়া শংকা বাঢ়িছে দৰংবাসীৰ । দৰঙৰ শাকতোলা নদীৰ দক্ষিণ অংশত জিঅ’ বেগৰ ওপৰৰে বোৱা প্ৰৱল সোঁতে বিপদ আনিছে অৰ্ধনিমিত মথাউৰিলৈ । যিকোনো মুহূৰ্ততে শাকতোলা মথাউৰি ছিগি যোৱাৰ আশংকাত এতিয়া শংকিত হৈ পৰিছে প্ৰায় 20 খন গাঁও ৷

বিগত বৰ্ষৰ লেখিয়াকৈ এইবাৰো বহু কেইখন গাঁও ডুব যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ সেয়ে এই ক্ষেত্ৰত অঞ্চলটোৰ সচেতন ৰাইজে বিচাৰিছে এটা স্থায়ী সমাধান । সকলোৰে জ্ঞাত যে বিগত বৰ্ষৰ শাকতোলা মথাউৰি ছিগি যোৱাৰ ফলত বহু দিন ধৰি দুৰ্ভোগ ভুগিব লগীয়া হৈছিল সাধাৰণ ৰাইজে ।
ইফালে মানিকপুৰতো বানে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতে আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে উত্তৰ অভয়াপুৰী সমষ্টিৰ কেইবাখনো গাঁও বুৰাই পেলাইছে । বিশেষকৈ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত 4 নং, 5 নং বাশবাৰী, ভাণ্ডাৰা, বালাৰপেট, টেনটনপুৰ, কাঁহীবাৰী, বাংলাপাৰা, নাম্বাৰপাৰা আদি কৰি কুৰিখনৰো অধিক গাঁও জলমগ্ন হৈ পৰিছে । সংকটজনক অৱস্থাত আছে বালাৰপেট বাশবাৰী আই নদীৰ মথাউৰি ।

ইফালে ডাঙাইগাঁও কীৰ্তন পাৰা সংযোগী সংযোগী পকী পথৰ ওপৰেদি ভাগৰিছে পানী । প্লাৱিত হৈছে ন ন অঞ্চল । আতংকময় হৈ আছে নৈ পৰীয়া অঞ্চলৰ মানুহ । উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰে বান পৰিস্থিতি বুজ লয় আৰু বিভাগীয় মন্ত্ৰীয়ে তেওঁক বান গৰাখহনীয়া প্ৰতিৰোধৰ আস্বাস দিয়াৰ কথা উল্লেখ কৰে ।

লগতে পঢ়ক : Flood in Assam : দৰঙত নোৱা নৈয়ে ছিঙিলে দুটাকৈ মথাউৰি; বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী পাটোৱাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.