ETV Bharat / state

দৰঙৰ ১২৬ খন গাঁও বানৰ কবলত

author img

By

Published : Jun 29, 2020, 10:34 AM IST

ভয়াৱহ ৰূপ লৈছে ননৈ,শাকতোলা আৰু নোৱা নৈয়ে। বন্যাৰ্তৰ হাহাকাৰ ৷ ক্ৰমান্বয়ে ভয়াৱহ ৰূপ লৈছে ৰাজ্যৰ বান পৰিস্থিতিয়ে ৷

দৰঙৰ ১২৬ খন গাঁও বানৰ কবলত
দৰঙৰ ১২৬ খন গাঁও বানৰ কবলত

দৰং, 29 জুনঃ আজিও অপৰিবৰ্তিত হৈ আছে দৰং জিলাৰ বান পৰিস্থিতি । বিশেষকৈ যোৱা নিশাৰে পৰা ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাত চুবুৰীয়া ভূটানৰ পৰা নামি অহা নৈ সমুহৰ পানী বাঢ়িবলৈ লোৱাত জিলাখনৰ ন ন অঞ্চল প্লাৱিত হৈছে । শাকতোলা,ননৈ,নোৱানৈ,টাংনি আদি ব্ৰহ্মপুত্ৰৰ উপনৈ সমূহৰ পানী আজিও ফেনেফুটুকাৰে বাঢ়ি আছে । এই পৰ্যন্ত জিলাখনৰ ১২৬ খন গাঁও বানৰ কবলত পৰা বুলি দৰং জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই জনাইছে। সেই অনুসৰি মঙলদৈ ৰাজহ চক্ৰৰ ৫৮ খন গাঁও, দলগাঁও ৰাজহ চক্ৰৰ ৩৬ খন, ছিপাঝাৰ ৰাজহ চক্ৰৰ ১৩ খন গাঁও আৰু পাথৰিঘাট ৰাজহ চক্ৰৰ ১৯ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে ৷ যোৱা ২৬ জুনৰ নিশাই মঙলদৈৰ নিকতৱৰ্তী শাকতোলা নৈৰ ভঙা অংশ আজিও বন্ধাৰ কোনো ব্যৱস্থা নকৰাত ওচৰ চুবুৰীয়া গাঁও সমূহৰ অৱস্থা শোচনীয় হৈ পৰিছে। দিনে নিশাই পানী সোমাই নাহৰবাৰী,কবিকৰা,গণকপাৰা,বৰ আঠিয়াবাৰী,নিজ ডাঁহী,তালি পাৰা,বনিয়া পাৰা,সৰু আঠিয়াবাৰী আদি গাঁৱৰ অৱস্থা শোচনীয় হৈ পৰিছে। জিলাখনৰ মূল যোগাযোগৰ মাধ্যম মঙলদৈ পাথৰিঘাট পথৰ লগতে মঙলদৈ দেওৰমণৈ নামখোলা পথো আজি বন্ধ হৈ পৰিছে।

দৰঙৰ ১২৬ খন গাঁও বানৰ কবলত

গাঁও সমূহৰ কৃষি ভূমি বিস্তৰ ক্ষতি হোৱাৰ লগতে পুখুৰী সমূহ পানীৰে বুঢ়াই পেলোৱাত গঞা ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । লক্ষণীয় ভাৱে এই পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী সাহাৰ্য লাভ কৰা নাই ক্ষতিগ্ৰস্ত হোৱা ৰাইজে। ইফালে মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজোতি দাসে মঙলদৈ সমষ্টিৰ কেইবাটাও অঞ্চললৈ গৈ পৰিস্থিতিৰ বুজ লয়। সমষ্টিটোৰ ৫৮ খন গাঁও ইতিমধ্যে বানৰ কবলত পৰিছে। বিধায়ক গৰাকীয়ে বান ক্ষতিগ্ৰস্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জিলা প্ৰশাসনক শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। বিধায়ক গৰাকীয়ে অধমাপাৰা গাঁৱৰ খহনীয়া পৰিৰ্দশন কৰাৰ লগতে মোৱামাৰী, গেৰিমাৰী চিৰ সেউজী,বৰঙাবাৰী,চপাই,শালৈপাৰা,বলোপাৰা,ঔতলা,জনাৰামচৌকা,জলজলী, হলৌচৌকা আদি গাঁও পৰিদৰ্শন কৰে।

ASSAM DARRANG DISTRICT FLOOD UPDATE ETV BHARAT
ভয়াৱহ ৰূপ লৈছে ননৈ,শাকতোলা আৰু নোৱা নৈয়ে

লগতে চাওকঃ এটাও টিভি নথকা গাঁওখন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.