দৰং, 19 জুন : বছৰৰ দ্বিতীয়টো বানত ডুব গৈছে ৰাজ্যৰ অধিকাংশ অঞ্চল (Flood in Assam 2022)৷ এই বানত বিধ্বস্ত হৈছে খেতিপথাৰৰ লগতে আবাসস্থলীও ৷ এক প্ৰকাৰে কুলাই-পাচিয়ে নধৰা হৈছে বন্যাৰ্তৰ দুখ-দুদৰ্শা ৷
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ বছৰৰ এই দ্বিতীয়টো বিধংসী বানত ডুব গৈছে দৰং জিলাৰ ভিন্ন ক্ষেত্ৰও (Flood in Darang) ৷ এই বানত দৰঙৰ ননৈ আৰু শাকতোলা মথাউৰিৰ এটা অংশ বৰ আঠিয়াবাৰীত ছিগি যায় ৷ যাৰ ফলত প্লাবিত হৈ পৰে সমগ্ৰ অঞ্চলটো ৷ এই বান বিধ্বস্ত অঞ্চলটো শনিবাৰে পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma in Darang)৷
এই বানে ছিগি নিয়া ননৈ আৰু শাকতোলা মথাউৰীটো শীঘ্ৰে নিৰ্মাণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বানৰ পাচত শাকতোলা মথাউৰি পকীকৰণৰ কৰি যাতায়তৰ সু-ব্যবস্থা কৰিব বুলিও ৰাইজক আশ্বাস প্ৰদান কৰে ৷ আনহাতে, মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জিলাখনৰ বানাক্ৰান্ত লোকসকলক ক্ষিপ্ৰতাৰে সাহায্য আগবঢ়াবলৈ জিলা উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰে ।
লগতে পঢ়ক : কমলপুৰত বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী ড৹ শৰ্মা