ETV Bharat / state

ৰাজ সাহাৰ্যযুক্ত সাৰ কেলেংকাৰীত গ্ৰেপ্তাৰ খাৰুপেটীয়াৰ ব্যৱসায়ী - এগ্ৰো এজেন্সী

ধৃত ছাহেদ আলীৰ লগতে খাৰুপেটীয়াৰ আৰু কেইবাটাও এগ্ৰো এজেন্সীৰ মালিকে ৭০ টনৰো অধিক ৰাজসাহাৰ্যযুক্ত সাৰ কামৰূপ আৰু গোৱালপাৰাৰ ক'লা বজাৰৰ পৰা ক্ৰয় কৰি আনি শোণিতপুৰৰ ক'লা বজাৰত বিক্ৰী কৰে ।

Arrested Kharupetia's businessman in state-sponsored fertilizer scandal
ৰাজ সাহাৰ্যযুক্ত সাৰ কেলেংকাৰীত গ্ৰেপ্তাৰ খাৰুপেটীয়াৰ ব্যৱসায়ী
author img

By

Published : Sep 20, 2020, 5:32 PM IST

দলগাঁও,20 ছেপ্তেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ ৰাজ সাহাৰ্যযুক্ত সাৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ছাহেদ আলী নামৰ এজন সাৰ ব্যৱসায়ীক ৷ দৰঙৰ খাৰুপেটীয়াৰ আলী এগ্ৰো এজেন্সী চেন্টাৰৰ স্বত্বাধিকাৰী ধৃত ছাহেদ আলিক গ্ৰেপ্তাৰ কৰিছে দৰং আৰক্ষীয়ে ৷

ৰাজ সাহাৰ্যযুক্ত সাৰ কেলেংকাৰীত গ্ৰেপ্তাৰ খাৰুপেটীয়াৰ ব্যৱসায়ী

অভিযোগ অনুসৰি, ধৃত ছাহেদ আলীৰ লগতে খাৰুপেটীয়াৰ আৰু কেইবাটাও এগ্ৰো এজেন্সীৰ মালিকে ৭০ টনৰো অধিক ৰাজসাহাৰ্যযুক্ত সাৰ কামৰূপ আৰু গোৱালপাৰাৰ ক'লা বজাৰৰ পৰা ক্ৰয় কৰি আনি শোনিতপুৰৰ ক'লা বজাৰত বিক্ৰী কৰে ।

যাৰ পৰিপ্ৰেক্ষিতত খাৰুপেটীয়াৰ নুৰ আলী নামৰ এজন আৰ টি আই কৰ্মীয়ে জিলা আৰক্ষী অধীক্ষকক দাখিল কৰা 374 /20 US 420/406 নম্বৰৰ গোচৰৰ ভিত্তিত দৰং আৰক্ষীয়ে অভিযান চলায় গ্ৰেপ্তাৰ কৰে ধৃত ছাহেদ আলিক ৷ আনহাতে ধৃত সাৰ ব্যৱসায়ী গৰাকীক ইতিমধ্যে জে'ললৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়কঃমুখ্যমন্ত্ৰীসকলৰ সৈতে ক’ভিড সন্দৰ্ভত বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.