দৰং,২৫ ফেব্ৰুৱাৰী : পুৰণি কাৰ্যালয়ৰ মোহ এৰিব পৰা নাই দৰং জিলাৰ এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে । যাৰ বাবে বদলি হোৱাৰ পাছতো পুৰণি কাৰ্যালয়লৈ আহি কৰ্ম সম্পাদন কৰিছে কৰ্মচাৰীজনে । এই ঘটনা দৰং জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ (Office of Animal Husbandry and Veterinary Officers)। কৃষ্ণ কান্ত কলিতা নামৰ কৰ্মচাৰীজনৰ ৮ মাহ পূৰ্বেই পদোন্নতিমূলকভাৱে তেজপুৰলৈ বদলি হৈছিল ।
কিন্তু বদলিৰ পাছতো দৰঙৰ পুৰণি কাৰ্যালয়টোলৈ আহি নিতৌ কাম কৰিছে কৰ্মচাৰীজনে । অভিযোগ অনুসৰি তেজপুৰৰ কাৰ্যালয়ৰ পৰা কোনোধৰণৰ ছুটি নোলোৱাকৈ দৰঙৰ পুৰণি কাৰ্যালয়ত বহি নিয়মিতভাৱে কাম চলাই গৈছে কৰ্মচাৰীজনে । ঠিকাদাৰৰ লগত থকা মিতিৰালিৰ বাবেই এনেদৰে কমিচনৰ অংকত কাম কৰাৰ অভিযোগ উঠিছে কৰ্মচাৰীজনৰ বিৰুদ্ধে ।
ইফালে কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত জিলা পশু চিকিৎসা বিষয়া খগেন্দ্ৰ নাথ শৰ্মাই একোৱে নাজানে এই বিষয়ে । একপ্ৰকাৰ অৰাজকতা চলিছে দৰং জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ত (Anarchy at government office in Darrang)। অভিযোগ পোৱাৰ পাছতে কাৰ্যালয়টোত উপস্থিত হয় সাংবাদিকৰ দল ।
পিছে সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে অভিযুক্ত কৰ্মচাৰীজনে । কেমেৰাৰ সন্মুখত স্পষ্টভাৱে কোনো ধৰণৰ মন্তব্যও নকৰিলে কৰ্মচাৰীজনে । এই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক :স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান