ETV Bharat / state

কংগ্ৰেছত দালালৰাজ চলাৰ অভিযোগ খোদ জিলা উপ-সভাপতিৰ - প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

দৰং জিলা কংগ্ৰেছৰ উপ সভাপতি দুলাল হীৰাই নিজ দলৰ বিৰুদ্ধেই আনিছে কেতবোৰ বিস্ফোৰক অভিযোগ ৷ বিগত বিধানসভা নিৰ্বাচনত টিকটৰ বাবদ 7 কোটি টকা বিচৰাৰ অভিযোগ উত্থাপন কৰিছে (Bribe for congress ticket)৷ ইয়াৰোপৰি সম্প্ৰতি দলটোত দালালৰাজ চলি থকা বুলিও মন্তব্য কৰিলে দুলাল হীৰাই ৷

Bribe for congress ticket
কংগ্ৰেছত দালালৰাজ চলাৰ অভিযোগ খোদ জিলা উপ-সভাপতিৰ
author img

By

Published : Jun 11, 2022, 9:37 PM IST

দৰং, 11 জুন: 2021ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ এটা টিকটৰ দাম আছিল 7 কোটি টকা (Bribe for congress ticket)৷ এই টিকট জিতেন্দ্ৰ সিঙৰ(AICC General Secretary) হৈ বিক্ৰী কৰিছিল অনিৰুদ্ধ সিঙে ৷ এনে বহু বিস্ফোৰক মন্তব্য আগবঢ়াইছে দৰং জিলা কংগ্ৰেছৰ উপ-সভাপতি দুলাল হীৰাই ৷

দুলাল হীৰাৰ মন্তব্য অনুসৰি কংগ্ৰেছত এতিয়া দালালৰাজ চলি আছে । বিধানসভা নিৰ্বাচনত দুলাল হীৰাৰ পৰাই টিকটৰ বাবদ ৭ কোটি টকা বিচাৰিছিল বুলি শনিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । 2021ৰ বিধানসভা নিৰ্বাচনত অসমৰ দায়িত্বত থকা জিতেন্দ্ৰ সিঙৰ(Jitendra Singh) হৈ অনিৰুদ্ধ সিঙে(AICC secretary Anirudh Singh) এই ধন বিচৰাৰ অভিযোগ উপ-সভাপতিগৰাকীৰ ।

কংগ্ৰেছত দালালৰাজ চলাৰ অভিযোগ খোদ জিলা উপ-সভাপতিৰ

দালালি নকৰিলে আজিৰ দিনত কংগ্ৰেছ নেতা হ’ব নোৱাৰে বুলিও মন্তব্য কৰে দুলাল হীৰাই । কংগ্ৰেছৰ পৰা টিকট লাভৰ বাবে ধন দিয়াৰ উপৰিও বিধায়ক পদৰ বাবে আবেদন কৰিলে অসমৰ দালালকো ধন দিব লাগে বুলি বিস্ফোৰক মন্তব্য কৰিলে দৰং জিলা কংগ্ৰেছৰ উপ-সভাপতিগৰাকীয়ে । দৰং কংগ্ৰেছৰ দ্বায়িত্বত থকা খলিলুৰ ৰহমানকো দালাল আখ্যা দিয়ে উপ সভাপতিগৰাকীয়ে ।

উল্লেখ্য যে, কংগ্ৰেছৰ পৰা অব্যাহতি নোলোৱাকৈয়ে এনেবোৰ অভিযোগ আনিলে কংগ্ৰেছ নেতাগৰাকীয়ে । দিল্লীৰ পৰা অহা নেতাসকলে অসমত একমাত্ৰ ধন ঘটাৰ বাবেই আহে বুলিও কয় উপ-সভাপতি দুলাল হীৰাই ৷ কংগ্ৰেছ দলত থাকিয়েই তেখেতে ক’লে ‘‘দৰং কংগ্ৰেছৰ এতিয়া কোনো অস্তিত্ব নাই ’’।

দলীয় বিষয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই(APCC secretary Bhupen Bora) নিৰ্দেশ দিয়াৰ পাছতো কংগ্ৰেছ নেতাগৰাকীৰ এনেবোৰ মন্তব্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷

লগতে পঢ়ক: Cabinet meeting in Tezpur: কি কি সিদ্ধান্ত ল'লে ৫০ সংখ্যক কেবিনেট বৈঠকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.