ETV Bharat / state

বিগ ব্ৰাডাৰ কংগ্ৰেছ দলৰ পৰাই হ'ব মুখ্যমন্ত্ৰী: ডঃ হাফিজ ৰফিকুল ইছলাম

author img

By

Published : Sep 12, 2020, 11:00 PM IST

এআইইউডিএফ দলৰ পৰা যিহেতু কোনো মুখ্যমন্ত্ৰী নহয় তেন্তে "বিগ ব্ৰাডাৰ" দল অৰ্থাৎ কংগ্ৰেছ দলৰ পৰাই এগৰাকী যোগ্য ব্যক্ত হ'ব মুখ্যমন্ত্ৰী ৷ শনিবাৰে খাৰুপেটীয়াত অনুষ্ঠিত এখন দলীয় সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে জনীয়া সমষ্টিৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে ৷

ডঃ হাফিজ ৰফিকুল ইছলাম
ডঃ হাফিজ ৰফিকুল ইছলাম

দলগাঁও, 12 ছেপ্তেম্বৰ: এআইইউডিএফ উদ্যেগত মহিলা মৰ্চা গঠনৰ উদ্দেশ্যে শনিবাৰে দৰঙৰ খাৰুপেটীয়াৰ অসম ক্লাবত অনুষ্ঠিত হয় এআইইউডিএফৰ এখন দলীয় সভা ৷ সভাত উপস্থিত থকা জনীয়া সমষ্টিৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে সমাগত নিৰ্বাচনৰ বিষয়ে প্ৰকাশ কৰে কেতবোৰ মন্তব্য ৷ তেওঁ সংবাদ মাধ্যমযোগে স্পষ্ট কৰে যে, এআইইউডিএফ দলৰ পৰা কোনো মুখ্যমন্ত্ৰী নহয় ৷ এআইইউডিএফ দলৰ পৰা যিহেতু কোনো মুখ্যমন্ত্ৰী নহয় তেন্তে "বিগ ব্ৰাডাৰ" দল অৰ্থাৎ কংগ্ৰেছ দলৰ পৰাই এগৰাকী যোগ্য ব্যক্তি হ'ব মুখ্যমন্ত্ৰী ৷ সেই বিষয়ে পৰৱৰ্তী সময়ত দলটোৱে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷

বিগ ব্ৰাডাৰ কংগ্ৰেছ দলৰ পৰাই হ'ব মুখ্যমন্ত্ৰী: ডঃ হাফিজ ৰফিকুল ইছলাম

মিত্ৰজোঁটৰ সদস্য সকলৰ সৈতে আলোচনা কৰি কংগ্ৰেছে নিশ্চয় এক ভাল সিদ্ধান্ত গ্ৰহণ কৰিব ৷ কিন্তু নিশ্চিভাৱে এগৰাকী ভাল মানুহ এইবাৰ মুখ্যমন্ত্ৰী হ'ব ৷ যিয়ে অসমৰ জাতি, মাটি, ভেঁটিৰ হকে কাম কৰিব, অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত কাম কৰিব ৷ লগতে শিক্ষা, স্বাস্থ্য, অৰ্থনীতি আদিৰ দিশত উন্নতি সাধন কৰিব পৰা, ভিন্ন জাতি-জনজাতিৰ লোকৰ প্ৰতি সমদৃষ্টি ৰখা লোক এগৰাকীয়েই মুখ্যমন্ত্ৰী হ'ব বুলি সংবাদ মাধ্যমযোগে মন্তব্য কৰে বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে ৷ সভাখনত নাওবৈচা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰী, ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, মহিলা মৰ্চাৰ সভানেত্ৰী বিনা দৈমাৰী, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মজিবুৰ ৰহমানকে ধৰি 5 শতাধিক নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক: নগাঁৱত তিনিওটা সমষ্টি দখলৰ সপোন বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.