ETV Bharat / state

10th rank in HSLC: উত্তৰবহী পুনৰীক্ষণত ওলাল আচল কথা: মেট্ৰিকত দশম স্থান লাভ ছিপাঝাৰৰ অবিনাশ চহৰীয়াৰ

author img

By

Published : Jul 15, 2022, 7:40 PM IST

ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ এগৰাকী অত্যন্ত মেধাৱী ছাত্ৰ অবিনাশ চহৰীয়া ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছিপাঝাৰ অঞ্চলবাসীয়ে তেওঁৰ জৰিয়তে ভাল ফলাফল আশা কৰিছিল ৷ কিন্তু আশ্বৰ্যজনকভাৱে তেওঁ গণিত বিষয়ত মাত্ৰ ৫৩ নম্বৰ লাভ কৰাত স্থান পাবলৈ সক্ষম হোৱা নাছিল ৷ ছাত্ৰজনৰ লগতে বিদ্যালয়খনৰ শিক্ষক,অভিভাৱক আৰু ৰাইজে বিশ্বাস কৰিছিল গণিত বিষয়ৰ উত্তৰবহী পুনৰীক্ষণ কৰিলে ভাল ফল আহিব ৷ সেইমতেই সকলোৱে আলোচনা কৰি উত্তৰবহী পুনৰীক্ষণৰ আবেদন জনায় ৷ আজি ছেবাৰ কাৰ্যালয়ে তেওঁক দশম স্থান লাভ কৰা বুলি ঘোষণা কৰে (Abinash Saharia get 10th rank in Matric) ৷

a
a

মঙলদৈ, ১৫ জুলাই : অসমৰ শিক্ষা ক্ষেত্ৰত এক নাভূত-নাশ্ৰুত ঘটনা । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ (Board of Secondary Education Assam) প্ৰায় এমাহৰ ভিতৰত শীৰ্ষস্থান দখল আন এগৰাকী শিক্ষাৰ্থীৰ । এই ঘটনাই এতিযা এফালে শিক্ষাৰ্থীগৰাকী তথা তেওঁ অধ্যয়ন কৰা শিক্ষানুষ্ঠানখনলৈ যেনেদৰে আনন্দৰ বতৰা কঢ়িয়াই আনিছে তেনেদৰে শিক্ষা বিভাগৰ গাফিলতিৰ বাবে সচেতন মহলে ক্ষোভ প্ৰকাশ কৰিছে । ঘটনাটো ঘটিছে ছিপাঝাৰৰ এগৰাকী ছাত্ৰৰ লগত (A student newly get rank in matric examination) ।

অবিনাশ চহৰীয়াৰ নম্বৰ তালিকা
অবিনাশ চহৰীয়াৰ নম্বৰ তালিকা

ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ এগৰাকী অত্যন্ত মেধাৱী ছাত্ৰ অবিনাশ চহৰীয়া (Abinash Saharia get 10th rank in Matric) ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছিপাঝাৰ অঞ্চলবাসীয়ে আশা কৰিছিল তেওঁ অতি ভাল ফলাফল প্ৰদৰ্শন কৰিব । কেৱল ভাল ফলাফলেই নহয়, সকলোৰে আশা আছিল তেওঁ শীৰ্ষ ১০টা স্থানৰ ভিতৰত স্থান লাভ কৰিব । কিন্তু আশ্চৰ্যজনকভাৱে ছাত্ৰগৰাকীয়ে গণিত বিষয়ত মাত্ৰ ৫৩ নম্বৰ লাভ কৰাত স্থান পাবলৈ সক্ষম হোৱা নাছিল তেওঁ (Sipajhar HS School student Abinash Saharia) ৷

কিন্তু ছাত্ৰজনৰ মনত এই কথাত অসন্তুষ্টিয়ে দেখা দিছিল । লগতে বিদ্যালয়খনৰ শিক্ষক,অভিভাৱক আৰু ৰাইজে বিশ্বাস কৰিছিল যে যদি গণিত বিষয়ৰ উত্তৰবহী পুনৰীক্ষণ কৰা হয় তেন্তে নিশ্চয় ভাল ফলাফল লাভ কৰিব পাৰে ৷ সেয়ে সকলোৱে আলোচনা কৰি উত্তৰবহী পুনৰীক্ষণৰ আবেদন জনায় ছাত্ৰগৰাকীয়ে ৷ আজি উক্ত উত্তৰবহী পুনৰীক্ষণৰ ফলাফল ঘোষণা কৰা হয় ।

ঘোষিত ফলাফল অনুযায়ী অবিনাশ চহৰীয়াই গণিত বিষয়ত ১০০ নম্বৰ (Abinash Saharia scored 100 in Maths) লাভ কৰিবলৈ সক্ষম হয় । লগে লগে তেওঁ সোমাই পৰে শীৰ্ষস্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ তালিকাত । ঘোষিত নতুন ফলাফল অনুযায়ী ছেবাৰ কাৰ্যালয়ে অবিনাশ চহৰীয়াক দশম স্থান লাভ কৰা বুলি ঘোষণা কৰে ৷ লগে লগে অঞ্চলটোত পুনৰবাৰ এক আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হয় । উল্লেখ্য, সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আন দুগৰাকীয়ে ছাত্ৰয়ো স্থান দখল কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে । আনহাতে, উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে স্থান লাভ কৰিছে ধৃতিমান বাস্তৱ কলিতাই (Higher Secondary science topper Dhritiman Bastav Kalita) । এইবাৰ উক্ত তালিকাত নাম সংযোজন ঘটিল অবিনাশ চহৰীয়াৰ ।

লগতে পঢ়ক :Additional Director post controversy : আঢ়ৈ বছৰৰ অন্তত ন্যায় পালে ড৹ অসমী গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.