দলগাওঁ, 6 ছেপ্তেম্বৰঃ দৰঙৰ দলগাঁৱৰ গদাইঝাৰত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ বোৱাৰী হত্যাকাণ্ড । স্বামী আজিজুৰ ৰহমানে পত্নী ৰেহেনা খাতুনক নৃশংসভাৱে হত্যা কৰি নিজ গৃহতে চিপজৰী লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ গুৰুতৰ অভিযোগ তুলিছে মৃত ৰেহেনা পৰিয়ালবৰ্গই ।
উল্লেখ্য যে ৬ বছৰ পূৰ্বে দলগাঁৱৰ ৩নং শ্যামপুৰ গাঁৱৰ পৰা সামাজিক ৰীতি-নীতিৰ মাজেৰে আজিজুৰে বিয়া কৰাইছিল পত্নী ৰেহেনাক । ৰেহেনাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ তুলি মৃত ৰাহেনাৰ পিতৃ হায়েত আলীয়ে স্বামী আজিজুৰ ৰহমান, মাতৃ ফাতেমা খাতুন, পিতৃ ছামচুল হক, ভাতৃ ৰহমান আৰু ফাইজুৰ ৰহমানৰ বিৰুদ্ধে দলগাওঁ থানাত এজাহাৰ দাখিল কৰিছে । ঘটনা সংক্ৰান্তত আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত অব্যাহত ৰাখিছে ।