ETV Bharat / state

তিনিবছৰে বাংলাদেশৰ কাৰাগাৰাত বন্দী অসমৰ যুৱক

author img

By

Published : Oct 12, 2019, 8:46 PM IST

বাংলাদেশৰ ফেনি জেলত তিনিবছৰে বন্দী অসমৰ দৰং জিলাৰ মঙলদৈৰ মুকুল হাজৰিকা নামৰ এজন যুৱক ৷

তিনিবছৰে বাংলাদেশৰ কাৰাগাৰাত বন্দী অসমৰ এজন যুৱক

দৰং,12 অক্টোবৰ : দৰঙৰ এজন যুৱক বাংলাদেশৰ জেলত তিনিবছৰে বন্দী হৈ থকা এক ঘটনাই সমগ্ৰ অঞ্চলবাসীক চিন্তিত কৰি তুলিছে ৷ বাংলাদেশত ফেনি জেলত বন্দী হৈ থকা অসমৰ যুৱকজন হৈছে দৰং জিলাৰ মঙলদৈ থানাৰ অন্তৰ্গত কেওঁত পাৰা গাঁৱৰ মুকুল হাজৰিকা ৷

ঘটনা অনুসৰি প্ৰায় ৩ বছৰতকৈ অধিক সময়ৰ পূৰ্বে নিৰুদ্দিষ্ট হৈছিল দৰঙৰ এই যুৱকজন ৷ পৰিয়ালৰ লোকৰ মতে তিনি বছৰ পূৰ্বে ঘৰৰ পৰা ৰিক্সা চলাবলৈ ওলাই গৈছিল মুকুল হাজৰিকাই । ঘৰৰ পৰা ওলাই যোৱাৰ পৰাই তিনি বছৰ ধৰি আৱদ্ধ হৈ আছিল বাংলাদেশ জেলত ৷ কিন্তু কাৰাগাৰাত বন্দীত্বৰ ম্যাদ শেষ হোৱাৰ পাঁচমাহ উকলি যোৱাৰ পাছতো ঘৰলৈ ওভতি আহিবলৈ সক্ষম নহ'ল মুকুল হাজৰিকা নামৰ যুৱকজন ৷ কোনো মতে দিন হাজিৰা কৰি ঘৰখন চলাই থকা বৃদ্ধ পিতৃ ফুলেশ্বৰ হাজৰিকাই পুত্ৰক বাংলাদেশৰ পৰা আনিব পৰা নাই ৷ ইপনি জেলত আবদ্ধ হৈ থকা মুকুল হাজৰিকাৰ পত্নী সহ আছে তিনি সন্তান । ভাৰত চৰকাৰক দৰং জিলা প্ৰশাসনৰ যোগেদি বিগত ছমাহে অনুনয় বিনয় কৰি ভাগৰি পৰিছে যুৱকজনৰ পিতৃৰ লগতে তেখেতৰ পৰিয়াল ৷ বৰ্তমান দিশহাৰা হৈ পৰিছে পিতৃ ফুলেশ্বৰ হাজৰিকা ৷ আশ্চৰ্যজনক ভাৱে দৰিদ্ৰ পৰিয়ালটোৰ এই বিপদত কোনো সহায় কৰা নাই স্থানীয় প্ৰশাসনে ৷ বৰ্তমানলৈকে ভাৰত চৰকাৰে এই সন্দৰ্ভত বাংলাদেশৰ চৰকাৰৰ লগত কথা পতা অথবা অন্য কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ৷

Intro:

##বাংলাদেশ জেলত অসমৰ যুৱক।

## ন্যায়িক জিন্মাৰ ম্যাদ সমাপ্তিৰ পিছতো
বাংলাদেশত আবদ্ধ ভাৰতীয়।

##পত্ৰলিখি জনালে বাংলাদেশ উচ্চায়ুক্তই।

## ভাৰতৰ হেমাহিৰ বাবেই দৰঙৰ ৰিক্সাচালকৰ জীৱন বাংলাদেশত অন্ধকাৰছন্ন।Body:r প্ৰায় ৩ বছৰোধিক সময় পূৰ্বে নিৰুদ্দিষ্ট এক যুৱক। হঠাৎ বাংলাদেশৰ জেলত উদ্ধাৰ হৈছিল। কিন্তু জেলৰ পৰা মুক্ত হোৱা আজি প্ৰায় এবছৰ হল, তথাপি ঘৰ নাপালেহি। কাৰণ যুৱক জনৰ দিন হাজিৰা কৰি চলি থকা পিতৃয়ে পুত্ৰক বাংলাদেশৰ পৰা আনিব নোৱাৰে। ভাৰত চৰকাৰক দৰং জিলা প্ৰশাসনৰ যোগেদি বিগত ছমাহে অনুনয় বিনয় কৰি ভাগৰি পৰিছে। হয়তো বাংলাদেশৰ জেলতে হাড় পেলাব এজন অসমীয়া যুৱকে।

মন কৰিবলগীয়া যে তিনি বছৰ পূৰ্বে ঘৰৰ পৰা ৰিক্সা চলাবলৈ ওলাই আহিছিল মুকুল হাজৰিকাই। ঘৰৰ পৰা ওলাই অহাৰ পৰাই তিনি বছৰ ধৰি আৱদ্ধ হৈ আছিল বাংলাদেশ জেলত। পিতৃ ফুলেশ্বৰ হাজৰিকাই কোনো মতে দিন হাজীৰা কৰি চলাই আছে ঘৰখন। জেলত আবদ্ধ হৈ থকা মুকুল হাজৰিকাৰ পত্নীৰ সহ আছে তিনি সন্তান।

উল্লেখ্য যে দৰং জিলাৰ মঙ্গলদৈ থানাৰ অন্তৰ্গত কেওঁত পাৰা গাঁৱৰ মুকুল হাজৰিকা বাংলাদেশৰ ফেনি জেলত বন্দী হৈ থকা ঘটনাটোৱে সমগ্ৰ অঞ্চলটোক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।দিন হাজিৰা কৰা পিতৃ ফুলেশ্বৰ হাজৰিকা এতিয়া দিশহাৰা হৈ পৰিছে। এlConclusion:এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰিব পৰৱৰ্ত্তী সময়ত সেয়া হব লক্ষণীয়।
দেবব্ৰত গোস্বামী.দৰঙ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.