ETV Bharat / state

দৰঙত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত ৭ জন - 7 injured in wild boar attack

৭ গৰাকীকৈ লোক বনৰীয়া গাহৰিৰ আক্ৰমণত আহত হয় (7 injured in wild boar attack)। দৰঙৰ ধূলা থানাৰ অন্তৰ্গত দুখন গাঁৱত পুৱাৰে পৰা বনৰীয়া গাহৰিয়ে উপদ্ৰৱ চলায় । বন বিভাগে ধৰাৰ পাছত খাৰুপেটীয়া পশু চিকিৎসালত গাহৰিটোৰ মৃত্যু ।

wild boar attack
দৰঙত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত ৭ জন
author img

By

Published : Oct 8, 2022, 1:59 PM IST

দৰং,৮ অক্টোবৰ : বনৰীয়া গাহৰিক লৈ দৰং জিলাৰ দুখনকৈ গাঁৱত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে (Wild boar scare in Darrang)। বনৰীয়া গাহৰিহে গাঁও দুখনত সন্ত্ৰাসৰ সৃষ্টি কৰিছে । ধূলা থানাৰ অন্তৰ্গত আটাকাটা আৰু কেওঁটপাৰা গাঁৱত পুৱাৰে বনৰীয়া গাহৰিয়ে তাণ্ডৱ চলাইছে । বিভিন্ন জনক আক্ৰমণো কৰিছে বনৰীয়া গাহৰিয়ে ।

অঞ্চলটোৰ ৭ গৰাকীকৈ লোক বনৰীয়া গাহৰিৰ আক্ৰমণত আহত (Wild boars attack 7 people in Darrang)। ইয়াৰ ৬ গৰাকী লোকক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু গুৰুতৰভাৱে আহত জাহাংগীৰ আলী নামৰ এজন লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । আঘাতপ্ৰাপ্ত লোক কেইজনৰ ভিতৰত আছে ফজৰ আলী, ভুটু আলী, মোজামিল হক, আবুল হুছেইন, নৌচাদ আলী আৰু জাহাংগীৰ আলী ।

দৰঙত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত ৭ জন

ইফালে পৰৱৰ্তী সময়ত ৰাইজ আৰু বন বিভাগৰ তৎপৰতাত গাহৰিতো ধৰা হৈছিল যদিও খাৰুপেটীয়া পশু চিকিৎসালত গাহৰিটোৰ মৃত্যু হয় ।

লগতে পঢ়ক :শিৱসাগৰত উদ্ধাৰ হোৱা গৰুক লৈ তৎপৰ পিপুল ফৰ এনিমেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.