ETV Bharat / state

দৰঙত 3,412 জনলৈ বৃদ্ধি পালে কৰ'ণা ৰোগী - দৰং জিলা

দৰং জিলাত জটিল হৈ পৰিছে ক'ভিড পৰিস্থিতি ৷ কৰ'ণাত আক্ৰান্ত হৈ সম্প্ৰতি 1,628 গৰাকী লোক চিকিৎসাধীন হৈ আছে ।

3,412 persons Covid-19 Positive in Darrang District
দৰঙত 3,412 জনলৈ বৃদ্ধি পালে কৰ'ণা ৰোগী
author img

By

Published : May 18, 2021, 12:01 PM IST

দৰং,18 মে': সমগ্ৰ ৰাজ্যতে এতিয়া ভয়াৱহভাৱে বৃদ্ধি পাইছে ক'ভিড-19 ৰ সংক্ৰমণ ৷ একেদৰে দৰং জিলাতো জটিল হৈ পৰিছে ক'ভিড পৰিস্থিতি ৷ জিলাখনত সোমবাৰৰ দিনটোতে 268 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ৰ উপস্থিতি । বৰ্তমান জিলাখনত ক'ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 3,412 জনলৈ বৃদ্ধি পাইছে । সম্প্ৰতি 1,628 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে জিলাখনত ।

ইয়াৰে 168 গৰাকী চিকিৎসালয়ত থকাৰ বিপৰীতে 1,460 গৰাকী লোক হোম কোৱাৰেণ্টাইন হৈ আছে । তদুপৰি 87 গৰাকী মঙলদৈ অসামৰিক চিকিৎসালয়ত, 38 গৰাকী জনাৰামচৌকা আদৰ্শ চিকিৎসালয় আৰু 13 জন কেন্দ্ৰীয় বিদ্যালয় ক'ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছে ।

একেদৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত 12 গৰাকী, মহেন্দ্ৰ মোহন চৌধুৰী আৰু জিএনআৰচি হাস্পতালত 3 গৰাকী, তেজপুৰ মেডিকেল কলেজ হাস্পতালত, বি বৰুৱা কেঞ্চাৰ হাস্পতাল, নাৰায়ণা হৃদয়ালয়া আৰু নেমকেয়াৰ হাস্পতালত দুজনকৈ আৰু দিছপুৰ হাস্পতাল, স্বাগত হাস্পতাল, এপ'ল’ হাস্পতাল আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত এজনকৈ লোক চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক- শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.