চিৰাং,10 অক্টোবৰ: চিৰাং জিলাৰ চিদলীৰ বান্দুগুৰি গাঁৱত স্প্ৰেমেনে এগৰাকী বনকৰা মহিলাক স্প্ৰে মাৰি শ্লীলতা হানিৰ চেষ্টা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । গাঁৱখনৰ জনৈক মুছাহাৰীৰ বাসগৃহত বুধবাৰে সন্ধিয়া সংঘটিত হোৱা এই ঘটনাত বনকৰা মহিলাগৰাকী কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে ৷
প্ৰথমতে এই দুৰ্বৃত্তই ঘৰৰ চালত শিলাবৰ্ষণ কৰে ৷ ইয়াৰ পাচতে তেওঁলোকে মহিলাগৰাকীৰ ওপৰত আক্ৰমণ চলায় ৷ এই ঘটনাক একাংশই সোপাধৰা বুলি আৰু আন একাংশই ইয়াক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি সন্দেহ কৰিছে ৷ ঘটনাৰ পাচতে সোপাধৰা বুলি এক হুলুস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত চিদলী থানাৰ আৰক্ষীয়ে আহি লাঠীচালনাৰে জনসাধাৰণক শান্ত কৰিবলগীয়াত পৰে ৷
বুধবাৰে নিশা চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত এংকৰবাৰীতো সংঘটিত হয় অনুৰূপ ঘটনা । লিয়াকত আলী (৪৫) নামৰ নেপালপাৰা গাঁওৰ বাসিন্দা এজনক সোপাধৰা সন্দেহত এংকৰবাৰীত মাৰধৰ কৰে । মদ্যপান কৰা লোকজনে পথেৰে গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয় যদিও সেই মুহূৰ্ততে ঢালিগাঁও থানাৰ আৰক্ষীয়ে লোকজনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ।