চিৰাং, 2 আগষ্ট : চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ভুৰবস্তিত ডাইনী সন্দেহৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে । গাঁওবাসীয়ে ডাইনী সজাই মাৰপিট কৰে দুটাকৈ পৰিয়ালৰ সদস্যক ৷ একাংশ লোকে ৰাজহুৱা বিচাৰ পাতি ডাইনী সজাই আক্ৰমন কৰে পৰমেশ্বৰ সুত্ৰধৰ আৰু লোগাই বসুমতাৰীৰ পৰিয়ালক ৷
আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হয় পৰমেশ্বৰ সুত্ৰধৰৰ লগতে পত্নী মঞ্জুলা সুত্ৰধৰ আৰু লোগাই বসুমতাৰীৰ মাতৃ গেন্দ্ৰী বসুমতাৰী ৷ আহতসকলক ৰুণীখাটা আৰক্ষীয়ে উদ্ধাৰ কৰি চিদলী সামূহিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসা প্ৰদান কৰে ৷
আৰক্ষীয়ে সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰি আছে যদিও বৰ্তমানলৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই । ইতিমধ্যে এবছুকে আদি কৰি কেবাটাও সংগঠনে ঘটনাৰ বুজ ল'বলৈ আৰু গাঁওখনৰ পৰিস্থিতি সন্দৰ্ভত পদক্ষেপ গ্ৰহণৰ কথাও জানিব পৰা গৈছে ।
লগতে পঢ়ক : পথ নিৰ্মাণৰ নামত লাখটকীয়া ফলক আঁৰিয়ে সামৰিলে দায়িত্ব