চিৰাং, 9 মাৰ্চ: যোৱা 8 মাৰ্চ, বুধবাৰে সমগ্ৰ বিশ্বৰ লগতে অসমতো ভিন্ন প্ৰান্তত উদযাপন কৰা হয় 'আন্তৰ্জাতিক নাৰী দিৱস' ৷ চিৰাঙৰ খুংগ্ৰীঙত ইউপিপিএলৰ মহিলা কোষৰ(UPPL women wing) উদ্যোগত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস ।
কাৰ্য্যসূচী অনুসৰি পুৱা শ্বহীদ তৰ্পণ, পতকা উত্তোলনেৰে আৰম্ভ হয় অনুষ্ঠানটিৰ ৷ পতকা উত্তোলন কৰে ইউপিপিএলৰ মহিলা কোষৰ সভানেত্ৰী প্ৰতিভা দেৱী ব্ৰহ্মই। শ্বহীদ তৰ্পণৰ পিচতেই বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে মুকলি আকাশলৈ উৰুৱাই দিয়া হয় বগা পাৰ চৰাই ৷

এই অনুষ্ঠানতে খুংগ্ৰীঙত ইউপিপিএলৰ মহিলা কোষৰ উদ্যোগত 'মাদাৰ্ছ ক্লাৱ'(mothers club chirang) নামৰ এটি অনুষ্ঠানৰো শুভাৰম্ভ কৰা হয় ৷ অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে(pramod boro cem BTR)। জিলাখনৰ অতিকে ভিতৰুৱা অঞ্চল খুংগ্ৰীঙৰ মহিলাসকলক বিভিন্ন দিশত সজাগ কৰা আৰু মহিলাসকলৰ সবলীকৰণৰ উদ্দেশ্যৰ লগতে অন্যান্য সামাজিক সমস্যাৰ ওপৰত কাম কৰিবলৈ শুভাৰম্ভ কৰা হয় এই অনুষ্ঠানটি ৷
অনুষ্ঠানৰ মুকলি সভাত অংশগ্ৰহণ কৰি বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় যে, নাৰীক অৱজ্ঞা কৰি সমাজৰ উন্নয়ন সম্ভৱ নহয় ৷ গতিকে মহিলাসকলক সম অধিকাৰ আৰু মৰ্য্যাদা প্ৰদানেৰে আমি সমাজক আগুৱাই নিব লাগিব । বিটিআৰ প্ৰশাসনে বিটিআৰৰ মহিলাসকলক হস্ততাঁত শিল্পৰ জড়িয়তে স্বাৱলম্বী কৰি তুলা আৰু আগুৱাই নিয়াৰ উদ্দেশ্যেৰে প্ৰতিখন জিলাতে হস্ত-তাঁত প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও জনায় বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে ।

এই অনুষ্ঠানত অংশগ্ৰহণৰ পুৰ্বে টুক্ৰাঝাৰৰ বালাপাৰাত উদাংশ্ৰী ক্লাষ্টাৰত এটা হস্ততাঁত প্ৰশিক্ষণ শিবিৰ মুকলি কৰে বিটিআৰ প্ৰধানজনে । এই কেন্দ্ৰত একেলগে ১৬ গৰাকী মহিলাই প্ৰশিক্ষণ ল'ব পাৰিব আৰু প্ৰশিক্ষণৰ অন্তত মহিলাসকলৰ সংস্থাপনত বিটিআৰ প্ৰশাসনে সহায় কৰিব বুলি উল্লেখ কৰে প্ৰমোদ বড়োৱে ।

অনুষ্ঠানটোত মহিলা সবলীকৰণৰ বিষয়ে অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনীৰ বিষয়েও অৱগত কৰে মন্ত্ৰী উৰ্খাউগৌৰা ব্ৰহ্মই(Urkhao Gwra Brahma)। একেদৰে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ আঁচনীসমূহৰ কথা উল্লেখ কৰে ৰাজ্য সভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে(Rwngwra Narzary)। এই অনুষ্ঠানতে বনাঞ্চল সুৰক্ষাৰ সজাগতামূলক বড়ো ভাষাৰ চিনেমা পাম্বুলা প্ৰডাকচনৰ "সৌৰাংনি লামা" উপভোগ কৰাৰ লগতে কেইবাগৰাকীও মহিলাক সম্ভৰ্ধনা জনোৱা হয় ।