ETV Bharat / state

বিটিচিত পৰিষদ গঠনৰ প্ৰবল দাবীদাৰ হৈ উঠিছে ইউপিপিএল

author img

By

Published : Sep 11, 2020, 9:16 AM IST

চিৰাঙৰ নিচিমা পৰিষদীয় সমষ্টিৰ কয়লা ময়লাত ইউপিপিএলৰ নিৰ্ব্বাচনি সভা । ইউপিপিএল দলে বিটিচিৰ পৰিষদ গঠন কৰাটো এশ শতাংশ নিশ্চিত বুলি দাবী কৰিলে ফৈলা জে বৰগয়াৰীয়ে ৷

election
election

চিৰাং, 11 ছেপ্টেম্বৰ : বিটিচি নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও ৰাজনৈতিক দল সমুহৰ নিৰ্বাচনী কুচকাৱাজ যুদ্ধকালিন তৎপৰতাৰে চলি আছে । চিৰাং জিলাৰ ১৬ নং নিচিমা পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ এক নিৰ্বাচনী সভা অনুষ্ঠিত হয় কয়লাময়লা বজাৰ প্ৰেক্ষাগৃহত । ইউপিপিএল দলৰ এজন সম্পাদক তথা বড়ো বোলছবিৰ খুহুতীয়া অভিনেতা ফৈলা জে বৰগয়াৰী, যুৱ ইউপিপিএলৰ সভাপতি সোমনাথ নাৰ্জাৰীসহ চিৰাং, বিজনীকে ধৰি কেইবাখনো জিলা সমিতিৰ নেতৃত্ব উপস্থিত থাকে এই সভাত । বিভিন্ন জাতি-জনগোষ্ঠীৰ সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰে নিৰ্বাচনী সভাখনত ।

বিটিচিত পৰিষদ গঠনৰ প্ৰবল দাবীদাৰ হৈ উঠিছে ইউপিপিএল

পুৱা দহ বজাৰ পৰা আৰম্ভ হোৱা নিৰ্বাচনী সভাত ভাষণ দি ইউপিপিএল দলৰ সম্পাদক তথা বড়ো বোলছবিৰ খুহুতীয়া অভিনেতা ফৈলা জে বৰগয়াৰীয়ে কয়, ‘‘মই অভিনেতা হিচাবে এয়ালৈ অহা নাই ; দলৰ এজন সম্পাদক হিচাবেহে মই আহিছো ৰাইজৰ মাজলৈ । এয়া মোৰ কাৰণে ভাল হৈছে, কাৰণ ৰাইজে মোক ভালদৰে চিনি পায় । মই বিটিচিৰ সকলো সমষ্টি ঘুৰি ৰাইজৰ সৈতে আলোচনা কৰি বুজি পাইছো, ৰাইজে পৰিৱৰ্তন বিচাৰি ইউপিপিএলক সমৰ্থন কৰি ওলাই আহিছে । সেয়ে আমি নিশ্চিত যে 27 ৰ পৰা 30 আসন লাভেৰে ইউপিপিএল দলে বিটিচিৰ পৰিষদ গঠন কৰিব ’’ ।

বিটিচিত পৰিৱৰ্তনৰ বাবে ৰাইজে সহায় কৰিবলৈ আগবাঢ়ি অহাত ৰাইজক ধন্যবাদ জনায় অভিনেতাজনে । লগতে তেওঁ কলে, পৰিবৰ্তন বিচাৰি আজি সকলোৱে ওলাই আহিছে । কাৰণ বিগত ১৭ টা বছৰে বিপিএফ দলে সকলো ক্ষেত্ৰতে দুৰ্নীতি, ভ্ৰষ্টাচাৰৰে বিটিচি ধ্বংস কৰিবলৈ ওলাইছিল ; সেয়ে আজি ৰাইজে পৰিৱৰ্তন বিচাৰি ওলাই আহিছে ।

ইউপিপিএল দলৰ নিচিমা সমষ্টিৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই কয় যে, সকলো ঠিকে ঠাকে চলি আছে আৰু প্ৰায় দহ-এঘাৰ হেজাৰ ভোটৰ ব্যৱধানত জয়ী হ’ব তেওঁ । বিগত সময়ছোৱাত বিপিএফ দলৰ দুৰ্নীতি আৰু অপশাসনৰ পৰা মুক্তি বিচাৰি ইউপিপিএল দললৈ ৰাইজৰ সোঁত বৈছে বুলি কয় প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই ।

লগতে পঢ়ক : 12 ছেপ্তেম্বৰৰ পৰা উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই চলাব 12 খন যাত্ৰীবাহী ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.