ETV Bharat / state

সামৰণি পৰিল ইউপিপিএলৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশনৰ - promod boro

শনিবাৰে সামৰণি পৰে ইউপিপিএলৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশনৰ । দলৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাউগৌৰা ব্ৰহ্মই সভাপতিত্ব কৰা সভাত ইউপিপিএল দলৰ কাৰ্যকৰী সভাপতি হিচাবে যোগদান কৰে এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৰ লগতে কেইবাজনো জাতীয় সংগঠনৰ নেতাই ।

UPPL
সামৰণি পৰিল ইউপিপিএলৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশনৰ
author img

By

Published : Feb 23, 2020, 6:10 AM IST

চিৰাং, 22 ফেব্ৰুৱাৰীঃ 21 ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ইউপিপিএল দলৰ কেন্দ্ৰীয় চতুৰ্থ বাৰ্ষিক অধিৱেশনৰ সামৰণি পৰে শনিবাৰে । সমাগত বিটিচি নিৰ্বাচন সন্দৰ্ভত ৰণনীতি গ্ৰহন অধিৱেশনত । এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো ইউপিপিএল দলৰ কাৰ্যকৰী সভাপতি হিচাবে যোগদান কৰাৰ লগতে কেইবাজনো জাতীয় সংগঠনৰ নেতা যোগদানৰ লগতে হেজাৰোধিক লোকে যোগদান কৰে ইউপিপিএল দলত ।

UPPL
সামৰণি পৰিল ইউপিপিএলৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশনৰ

শনিবাৰে অন্তিম দিনৰ কাৰ্যসূচীৰ আৰম্ভনি হয় দলীয় পতকা উত্তোলন,বাৰেৰহনীয়া সোভাযাত্ৰা আৰু বিয়লি অনুষ্টিত হয় মুকলি সভা । দলৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাউগৌৰা ব্ৰহ্মই সভাপতিত্ব কৰা অনুষ্টানত কেইবা গাৰকী নেতাই ভাষন দিয়ে । সভাত বিটিআৰ চুক্তি সন্দৰ্ভত বিতং আলোচনাৰ লগতে ইয়াৰ ৰূপায়ন সন্দৰ্ভত আলোচনা কৰে বক্তা সকলে । বিটিচিৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ দুৰ্ণীতি,ভ্ৰষ্টাচাৰ আৰু অপশাসনৰ অৱসান ঘটাই পৰিৱৰ্তনৰ দ্বাৰা এক সুস্থ চৰকাৰ গঠনৰ পোষকতা কৰে । সভাত ইউপিপিএল দলৰ সভাপতি উৰ্খাউগৌৰা ব্ৰহ্মই কয় যে, এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো যোৱা কালি ইউ পি পি এল দলত যোগদানৰ পিচত তেওঁক কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতিৰ পদত নিযুক্তি দিয়া হৈছে । আজি আমি ৰাজহুৱা সম্বৰ্ধনা জনালো । তেওঁ সমাজৰ এজন বিশিষ্ট ব্যাক্তি,এবছুৰ সভাপতি হৈ বড়ো চুক্তিৰ স্বাক্ষৰকাৰী । ইউপিপিএল পূৰ্বৰ পৰাই শক্তিশালী হৈ আহি আছিল । বিটিআৰ চুক্তিৰ পিচত এটা পৰিৱৰ্তনৰ ধাৰা আহিল । এতিয়া ইউ পি পি এল এটা বিকল্প ৰাজনৈতিক দল । অইন কোনো দলেই বিটিআৰত বিকল্প ৰাজনৈতিক দল হবই নোৱাৰে । বিপিএফে যি ১৫ বছৰ শাসন কৰিলে আৰু এই সময়ত ৰাইজে যি অভিজ্ঞতা পাইছে তাৰ পৰা বিকল্প ৰাজনৈতিক দল হিচাবে ৰাইজে আকোৱালি লৈছে । সেয়ে অনাগত দিনত শক্তি শালি ৰূপত বিটিআৰৰ শাসন দখল কৰিব ইউপিপিএল দলে সেয়া নিশ্চিত বুলি কয় সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্মই । আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাচনিৰ বাবে আমি কমিটী বনোৱাৰ সিদ্ধান্ত লৈছো অহা ২৫ তাৰিখে আমি মুছলপুৰত এই কমিটি বনাম আৰু প্ৰাৰ্থী বাচনি কৰিম ।

আনহাতে, সভাত সদ্য প্ৰাক্তন এবছুৰ সভাপতি তথা ইউপিপিএলৰ কাৰ্য্যকৰী সভাপতি প্ৰমোদ বড়োয়ে কয় যে, এতিয়া আৰু ৰৈ থকাৰ সময় নাই কাম কৰিব লাগে । দীৰ্ঘদিন সংগ্ৰামত থাকিলো আৰু উপলদ্ধি কৰিলো যে সংগ্ৰাম কৰি আমি কিছু কাম কৰিব পাৰো আৰু সেই মতেই আমি কৰি আহিছিলো । আজি যি দেখিলো চৰকাৰ ঠিক নহলে চৰকাৰৰ আঁচনিসমূহ ঠিক নহলে সমাজখন আগুৱাই যোৱাটো কেতিয়াও নিশ্চিত নহয় । সেই কাৰনে বিটিআৰত যোৱা ১৭ বছৰ যি দলে শাসন কৰিলে ইয়াত কোনো নতুনত্ব আনিব নোৱাৰিলে,কোনো প্ৰকল্প নাই,নতুন কোনো আঁচনি নাই,এই অঞ্চলৰ ৰাইজৰ বাবে কোনো চিন্তাধাৰা নাই । কোনো জাতী জনগোষ্টীৰ কথাও ভৱা নাই,মাথো এজন দুজন ব্যাক্তিক লৈহে ৰাজনীতি কৰি আছে ।

সভাত এবি এম এচ ইউৰ প্ৰাক্তন সাধাৰন সম্পাদক নজৰুল ইচলামে কয় যে, দুদীৰ্ঘ ১২ বছৰ জাতীয় জীৱন সংগঠনৰ সৈতে জড়িত থাকি আন্দোলন কৰোতে উপলব্ধি কৰিছিলো যে জাতীয় সংগঠনৰ জৰিয়তে সকলো সমস্যাৰ সমাধান সম্ভৱ নহয় । ৰাজনৈতিকভাৱে যদি জাতীটোক আমি আগুৱাই লব নোৱাৰো তেতিয়াহলে জাতীটো পিচপৰি যাব বুলি ভাৱিয়ে আজি বিটিচিৰ আগৰনুৱা ৰাজনৈতিক দল ইউপিপিএল দলত যোগদান কৰিলো । যিহেতু পৰিৱৰ্তনৰ ঢৌ আহিছে এতিয়া সেয়ে নিশ্চিত যে ইউপিপিএল দল জিকিবই । দীৰ্ঘ দিনৰ পৰা আমি দেখি আহিছিলো হত্যা,হিংসা,ধন দাবী,দুৰ্ণীতি ভ্ৰষ্টাচাৰ আদিৰে বিটিচিখনক হাগ্ৰামা মহিলাৰীয়ে ধ্বংশৰ মুখলৈ ঠেলি দিছে । সেয়ে আমি বিচাৰো বিটিচিত হাগ্ৰামাৰ দুৰ্ণীতি আতৰাই আমুল পৰিৱৰ্তনেৰে চৰকাৰ গঠন হব লাগে। ৰাজনৈতিক ভাৱে সমাজ পৰিৱৰ্তন কৰিব নোৱাৰিলে উন্নয়ন সম্ভৱ নহয় বুলি কয় প্ৰাক্তন এবিএমএচইউৰ নেতাজনে ।

উল্লেখ্য যে, শুকুৰবাৰৰ পৰা অনুষ্টিত এই অধিৱেশনত কেইবাহাজাৰ প্ৰতিনিধিৰ অংশগ্ৰহণ কৰে ৷ আনহাতে, শনিবাৰৰ মুকলি সভাত অৰ্ধশতাধিক লোকে অংশগ্ৰহণ কৰে । যত মদাহি, ৰাভা,সংখ্যালঘু,বড়ো,বঙালী,নেপালী,ৰাজবংশীকে আদিকৰি বিভিন্ন জাতীয় দল সংগঠনৰ লগতে বিপিএফ,বিজেপি আৰু কংগ্ৰেছৰ কেইবাজনো নেতাই ইউপিপিএল দলত আনুষ্টানিকভাৱে যোগদান কৰে । এই অধিৱেশনৰ পৰাই ইউ পিপি এল দলে বিটিচি নিৰ্বাচনৰ বাবে টঙালি বান্ধে ।

আৰু পঢ়কঃ বিজেপিয়ে হাগ্ৰামাক ধ্বংস কৰাটো নিশ্চিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.