চিৰাং, 29 নৱেম্বৰ: বিপিএফ দলৰ প্ৰাক্তন কেন্দ্ৰীয় উপ-সভাপতি তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই ইউপিপিএল দলত যোগদান কৰিব বুলি চৰ্চা হোৱা খবৰ সন্দৰ্ভত কোনো তথ্য নাই বুলি দলীয়ভাৱে স্পষ্ট কৰিলে মন্ত্ৰী তথা ইউপিপিএলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই । তেওঁ লগতে কয়, ‘‘ডেৰ মাহ মান আগতে মোৰ নামো ওলাইছিল । এতিয়া চন্দন ব্ৰহ্মৰ নাম ওলাইছে । এইবোৰ কথা কোনে উলিয়াই সেয়াও নিশ্চিত নহয় ।’’
তেওঁ স্পষ্টভাৱে কয়, ‘‘এই সন্দৰ্ভত চন্দন ব্ৰহ্ময়ো কোনো কথা কোৱা নাই । মই ৰৈ আছো নিৰ্বাচন আয়োগে কেতিয়া নিৰ্বাচনৰ দিন ধাৰ্য কৰে তালৈহে । কিন্তু এইবোৰ কথা কোনে উলিয়াই সেয়া ক’ব নোৱাৰিম । চন্দন ব্ৰহ্মই যদি ইউপিপিএল দলক নিস্বাৰ্থভাৱে সেৱা আগবঢ়াব বিচাৰে তাত ক’বলগীয়া একো নাই । ইউপিপিএল দলৰ মজিয়াত চন্দন ব্ৰহ্মক লৈ কোনো আলোচনাই হোৱা নাই ।’’
মন্ত্ৰীজনে লগতে কয় যে কোনো ঠাইত হয়তো চন্দন ব্ৰহ্মই কাৰো সৈতে কথা পাতিছিল বুলি কথা ওলাইছে ৷ হাগ্ৰামাক বা বিপিএফ দলক ভাল নাপায় চন্দন ব্ৰহ্মই । তাকে লৈ এনেদৰে বিভিন্নজনে বিভিন্ন কথা উলিয়াই আছে । কিন্তু চন্দন ব্ৰহ্মই বিপিএফ এৰি ইউপিপিএলত সোমোৱা বুলি কোনো দিন কোৱা শুনা নাই । তেওঁক প্ৰাৰ্থিত্ব দিয়া নিদিয়া সেয়া দলীয়ভাৱে সিদ্ধান্ত লোৱাৰ এটা বিষয় বুলি জনায় মন্ত্ৰী ইউজি ব্ৰহ্মই ।
‘‘মই কালিও প্ৰমোদ বড়োৰ সৈতে কথা পাতিছো, কিন্তু এই বিষয়ে কোনো আলোচনা হোৱা নাই ৷’’ স্পষ্টভাৱে কয় ইউজি ব্ৰহ্মই । আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত জনায় মন্ত্ৰীজনে ।
লগতে পঢ়ক: বিপিএফক ৰুধিবলৈ চন্দন ব্ৰহ্মক আমদানি কৰিব নেকি বিজেপি মিত্ৰজোঁটে ?