চিৰাং, 6 জুন : চিৰাঙত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে দুই এনএলএফবি(NLFB) সদস্য । তিনি দিনৰ পৰা চিৰাং আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত এনএলএফবিৰ বিৰুদ্ধে অব্যাহত ৰাখিছিল অভিযান । এনএলএফবিৰ শীৰ্ষ নেতৃত্বই জিলাখনত ধন দাবী আৰু সদস্য ভৰ্তি অভিযান চলোৱাৰ গোপন তথ্য লাভ কৰি জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া, ঢালিগাঁও আৰু ৰুনিখাতা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ চিআৰপিএফৰ ১৫৬ বেটেলিয়নৰ যৌথ অভিযানত আমগুৰি আৰু ঢালিগাঁও থানা অঞ্চলৰ পৰা নতুনকৈ গঠিত উগ্ৰপন্থী সংগঠন এনএলএফবিৰ এজন সদস্যসহ এজন লিংকমেন গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই কথা জানিবলৈ দিয়ে চিৰাং জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে ৷
আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে জনায় যে, গ্ৰেপ্তাৰ হোৱা সদস্য দুজনে সদস্য ভৰ্তি অভিযান চলোৱাৰ সমান্তৰালকৈ দাবীকৃত ধন নিবলৈ আহোতেই আৰক্ষীৰ জালত পৰে । গ্ৰেপ্তাৰ এনএলএফবি সদস্যজন ৰৌমাৰীৰ দৈমু নাৰ্জাৰী ওৰফে এন দুলাৰাই(২৪) বুলি জানিব পৰা গৈছে ৷ যুৱকজনে এনডিএফবি(ছা)ৰ দুৰ্ধৰ্ষ ম্যানমাৰ প্ৰশিক্ষণপ্ৰাপ্ত ৪৩ বেচৰ সদস্য আৰু লিংকমেনজন ঢালিগাঁৱৰ সুদেমপুৰীৰ বাসিন্দা ইন্দ্ৰজিত দৈমাৰী ওৰফে বি ইৰাকদাউ(৩৪) বুলি জনায় আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে । ৰুনিখাতা থানাত পঞ্জিয়ন হৈ থকা ১৫/২০২১ নম্বৰ গোচৰৰ ভিত্তিত দুয়োজনক গ্ৰেপ্তাৰ কৰা বুলিও জনায় আৰক্ষী অধীক্ষক জনে ।
লগতে পঢ়ক : হালোৱাটিঙত ড্ৰাগছসহ আটক দুই নাগালেণ্ড আৰক্ষী