ETV Bharat / state

Two minor drowned: নদীত গা ধুবলৈ লৈ দুই কিশোৰ সন্ধানহীন; মৃৃত অৱস্থাত উদ্ধাৰ এজন

চিৰাঙৰ বাসুগাঁও চহৰৰ সমীপৰ কানিভূৰ নৈত অঘটন ৷ গা ধুবলৈ গৈ সন্ধানহীন হয় দুই কিশোৰ ৷ এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে আন এজন কিশোৰ এতিয়াও সন্ধানহীন হৈ আছে ৷

author img

By

Published : Jun 25, 2023, 10:30 PM IST

two minor drowned at Basugaon, one found dead
নদীত গা ধুবলৈ লৈ দুই কিশোৰ সন্ধানহীন
নদীত গা ধুবলৈ লৈ দুই কিশোৰ সন্ধানহীন

চিৰাং, 25 জুন : ৰাজ্যজুৰি বিগত দিনকেইটাত নেৰা নেপেৰা বৰষুণৰ ফলত নৈ উপনৈসমূহ ফেনে ফোটোকাৰে বাঢ়িছে ৷ ইয়াৰ মাজতে দেওবাৰে চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ কানিভূৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন হয় দুই কিশোৰ ৷ ইতিমধ্যে এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে আন এজন কিশোৰ এতিয়াও সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

ঘটনা অনুসৰি দেওবাৰে দুপৰীয়াৰ ভাগত সমনীয়াৰ সৈতে কানিভূৰ নৈৰ ৰে’ল দলঙৰ তলত গা ধুবলৈ গৈছিল দুই কিশোৰ ৷ তাৰ পিচতে দুয়োজন কিশোৰ নৈৰ গভীৰ পানীত নিখোজ হৈ পৰে ৷ সন্ধানহীন হোৱা কিশোৰ দুজন ক্ৰমে বাপন বৰ্মন ওৰফে নাৰায়ণ বৰ্মন (14) আৰু গোপাল চক্ৰবৰ্তী (15) বুলি জানিব পৰা গৈছে ৷ অষ্টম আৰু নৱম শ্ৰেণীত অধ্যয়ণৰত নিৰুদ্দেশ কিশোৰ দুজন ক্ৰমে বাসুগাঁও চহৰৰ নিচিনাপাৰাৰ বাসিন্দা প্ৰৱীৰ চক্ৰৱৰ্তীৰ জ্যেষ্ঠ পুত্ৰ গোপাল চক্ৰৱৰ্তী আৰু নাৰায়ণ বৰ্মনৰ একমাত্ৰ পুত্ৰ বাপন বৰ্মন ওৰফে নাৰায়ণ বৰ্মন ।

কিশোৰ দুজনৰ পানীৰ মাজত সন্ধানহীন হোৱা ঘটনাক কেন্দ্ৰ কৰি এলেকাটোত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ সন্ধানহীন হোৱাৰ প্ৰায় দুঘন্টাৰ পিচত কাজলগাঁৱৰ পৰা এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দল উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে ৷ উদ্ধাৰকাৰী দলে প্ৰায় আধাঘণ্টা ধৰি অভিযান চলোৱাৰ পিচতে সন্ধানহীন কিশোৰ দুজনৰ ভিতৰত এজন কিশোৰৰ মৃতদেহ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ হোৱা মৃত কিশোৰজন বাপন বৰ্মন ওৰফে নাৰায়ণ বৰ্মন বুলি চিনাক্ত কৰা হয় ।

কিশোৰ জনৰ নিথৰ দেহ পানীৰ পৰা উলিয়াই অনাৰ পিছত নৈৰ পাৰত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । সন্ধানহীন হৈ থকা আন এজন কিশোৰ গোপাল চক্ৰৱৰ্তীৰ সন্ধানত এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত আছে ৷ ইফালে এই ঘটনাৰ খবৰ লাভ কৰাৰ পিচতে চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী ঘটনাস্থলীত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলক সমবেদনা জ্ঞাপন কৰে ৷ লগতে বিধায়কগৰাকীয়ে উদ্ধাৰ অভিযানৰ বুজ লয় ৷ বাতৰিটো লিখা পৰ্যন্ত সন্ধানহীন কিশোৰটোৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক: Heroine seized: 18 কোটি টকাৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.